উচ্চতম মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা আঁতৰিল বিহু!

119

উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা আঁতৰোৱা হ’ল বিহু আৰু স্বদেশ অধ্যয়ন। শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে শনিবাৰে এই ঘোষণা কৰাৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, চৰকাৰে ঢাক-ঢোল বজাই উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছিল বিহুৰ পাঠ্যক্ৰম। পাঠ্যক্ৰমত স্বদেশ অধ্যয়ন পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ কথাও ঘোষণা কৰিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

আনহাতে, শুকুৰবাৰে শিক্ষা মন্ত্ৰী পেগুৱে অসমত চাৰিটা জনজাতীয় ভাষা- মিচিং, ৰাভা, তিৱা আৰু দেউৰীক প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ কথা ঘোষণা কৰে।

তেওঁ কয়, “চৰকাৰে এই সম্প্ৰদায়সমূহৰ দাবী পূৰণৰ বাবে নিম্ন প্ৰাথমিক বিদ্যালয় পৰ্যায়ত চাৰিটা জনজাতীয় ভাষাক শিক্ষাদানৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে। প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম হিচাপে মিচিং, ৰাভা, তিৱা আৰু দেউৰী ভাষা প্ৰৱৰ্তনৰ সিদ্ধান্ত লোৱা হৈছে।‘’

শিক্ষণ পদ্ধতি সমূহ বহুভাষিক হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে পাঠ্যপুথি এনেদৰে বিকশিত কৰা হ’ব যাতে শিশুৱে ৰাভা ভাষা শিকাৰ সময়ত অসমীয়া বা ইংৰাজীও অধ্যয়ন কৰিব পাৰে।

চৰকাৰে এই ভাষাসমূহক কেৱল এই বছৰৰ বাবে শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ চেষ্টা কৰিব। কিন্তু ইয়াৰ পাঠ্যপুথি প্ৰণয়নৰ দৰে কাৰিকৰী সমস্যা আছে।

আনহাতে, ভাষা সমূহৰ অৰ্হতা থকা বিদ্যালয় আৰু শিক্ষকক ইয়াৰ পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ বাবে বাছনি কৰা হ’ব। অন্যথা এই ভাষাকেইটা ২০২৩ চনত প্ৰৱৰ্তন কৰা হ’ব।