উচ্চতম ন্যায়ালয়ত মুখথেকেচা কাৰাবন্দী মণীষ ছিচ’ডিয়াৰ, জামিন আবেদন নাকচ

164

দিল্লী আবকাৰী নীতিৰ কথিত কেলেংকাৰিৰ সৈতে জড়িত দুৰ্নীতি আৰু ধন সৰবৰাহৰ গোচৰত প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক জামিন দিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে। আদালতে তেওঁৰ আবেদন নাকচ কৰি বিচাৰ আদালতক ছয়ৰ পৰা আঠ মাহত শুনানি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতে নিয়মীয়া জামিনৰ আবেদন নাকচ কৰি কয় যে গোচৰটোত ৩৩৮ কোটি টকাৰ হস্তান্তৰ সাময়িকভাৱে নিশ্চিত কৰা হৈছে।

জামিন আবেদন সন্দৰ্ভত কি ক’লে আদালতে?
ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ এছ ভি এন ভট্টীৰ বিচাৰপীঠে কয় যে ছয়ৰ পৰা আঠ মাহৰ ভিতৰত এই গোচৰসমূহৰ বিচাৰ সম্পূর্ণ হ’ব বুলি তদন্তকাৰী সংস্থাসমূহৰ বক্তব্য লিপিবদ্ধ কৰিছে৷ বিচাৰপীঠে কয় যে যদি বিচাৰ প্ৰক্ৰিয়া পলম হয় তেন্তে তিনি মাহৰ ভিতৰত এই গোচৰসমূহত ছিছ’ডিয়াই জামিনৰ বাবে আবেদন কৰিব পাৰে।

বিচাৰপীঠে কয়, ‘বিশ্লেষণৰ কিছুমান দিশ আছে যিবোৰ আমি সন্দেহজনক বুলি অভিহিত কৰিছো। কিন্তু ৩৩৮ কোটি টকাৰ ধন হস্তান্তৰ সন্দৰ্ভত এটা দিশ সাময়িকভাৱে নিশ্চিত হৈছে। সেয়েহে আমি জামিনৰ আবেদন নাকচ কৰিছো।” ন্যায়াধীশ খান্নাই ৰায়দান কৰাৰ সময়ত কয়, ”তেওঁলোকে (তদন্তকাৰী সংস্থাই) ছয়ৰ পৰা আঠ মাহৰ ভিতৰত বিচাৰ সম্পূৰ্ণ হ’ব বুলি কৈছে। গতিকে তিনিমাহৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়াত গাফিলতি বা পলম হ’লে তেওঁ (চিছ’দিয়া) জামিনৰ বাবে আবেদন দাখিল কৰাৰ অধিকাৰ থাকিব।”

বিচাৰপীঠে কয় যে সেই যুক্তি আৰু কিছুমান আইনী প্ৰশ্নৰ কথা ৰায়দানত উল্লেখ কৰা হৈছে, যাৰ উত্তৰ দিয়া হোৱা নাই। ন্যায়াধীশ খান্নাই কয়, “বেছিভাগেই উত্তৰ দিয়া হোৱা নাই আৰু উত্তৰ দিয়া হৈছে যদিও অতি সীমিতভাৱে দিয়া হৈছে।”

ইতিমধ্যে আদালতে এই সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল
ইয়াৰ পূৰ্বে ১৭ অক্টোবৰত ন্যায়াধীশ সঞ্জীৱ খান্না আৰু এছভিএন ভাটিৰ বিচাৰপীঠে চিবিআই আৰু ইডিৰ হৈ হাজিৰ হোৱা তেওঁৰ অধিবক্তা অভিষেক সিংভি আৰু অতিৰিক্ত চলিচিটৰ জেনেৰেল এছ ভি ৰাজুৰ শুনানিৰ পিছত ছিছ’দিয়াৰ দুটা পৃথক জামিন আবেদনৰ ওপৰত ৰায়দান সংৰক্ষণ কৰিছিল। উল্লেখ্য যে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই) আৰু বলবৎকাৰী সঞ্চালকালয় (ইডি) দুয়োটাই তদন্ত কৰি থকা আবকাৰী নীতিৰ গোচৰত ছিছ’ডিয়াক গ্ৰেপ্তাৰ কৰা হৈছিল।

ইয়াৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পিছতে তেওঁ এই সিদ্ধান্তক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনায়। তদন্তকাৰী সংস্থা (ইডি আৰু চিবিআই)ৰ হৈ হাজিৰ হোৱা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে আদালতক জনাইছিল যে ৯ৰ পৰা ১২ মাহৰ ভিতৰত বিচাৰ সমাপ্ত হ’ব পাৰে। এই গোচৰত ২৯৪জন সাক্ষী আৰু হাজাৰ হাজাৰ নথি দাখিল কৰা হৈছে।

উল্লেখ্য যে ‘কেলেংকাৰী’ত ভূমিকা লোৱাৰ অভিযোগত চিছ’দিয়াক ২৬ ফেব্ৰুৱাৰীত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰ পৰাই তেওঁ জিম্মাত আছে। ইডিয়ে তিহাৰ কাৰাগাৰত জেৰা কৰি চিবিআইৰ এফআইআৰৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ৯ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল। ২৮ ফেব্ৰুৱাৰীত তেওঁ দিল্লী কেবিনেটৰ পৰা পদত্যাগ কৰে। লক্ষণীয় যে এই বিষয়ত দিল্লীৰ বিৰোধী দল বিজেপি আৰু শাসকীয় আম আদমী পাৰ্টিৰ মাজত ৰাজনৈতিক বাক্যবাণ যথেষ্ট।