অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক উচ্চতম ন্যায়ালয়ে কয় যে দুৰ্নীতিৰ গোচৰত তদন্ত আৰম্ভ কৰাৰ পূৰ্বে যোগ্য কৰ্তৃপক্ষৰ পৰা অনুমতি বিচাৰি তেওঁ দুৰ্নীতি বিৰোধী আইনখনৰ উদ্দেশ্যকে পৰাস্ত কৰিব। ২০১৮ চনৰ জুলাই মাহত এই আইনখনৰ ১৭এ ধাৰা সংযোজন কৰি এজন আৰক্ষী বিষয়াই কোনো ৰাজহুৱা কৰ্মচাৰীৰ বিৰুদ্ধে তদন্ত চলোৱাৰ পূৰ্বে যোগ্য কৰ্তৃপক্ষৰ পৰা অনুমতি লোৱাটো বাধ্যতামূলক কৰা হৈছিল। ইফিচিয়েন্সি ডেভেলপমেণ্ট কাউন্সিল কেলেংকাৰীৰ গোচৰত অন্ধ্ৰ উচ্চ ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা এফআইআৰ বাতিল কৰাৰ সিদ্ধান্তক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে নাইডুৱে।
ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু বেলা এম ত্ৰিবেদীৰ এখন বিচাৰপীঠে তেলেগু দেশম পাৰ্টিৰ নেতাগৰাকীৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভে আৰু অধিবক্তা সিদ্ধাৰ্থ লুথ্ৰাক কয় যে ১৭এৰ ব্যাখ্যা কৰি থাকোঁতে আমি চাব লাগিব যে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ আইনখনৰ উদ্দেশ্যৰ কোনো ক্ষতি নহয়। নাইডুৱে নিজৰ অধিবক্তাৰ জৰিয়তে আদালতত কয় যে কৰ্তব্য পালন কৰাৰ সময়ত বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা ৰাজহুৱা কৰ্মচাৰীক হাৰাশাস্তি ৰোধ কৰিবলৈ সংসদে ১৭এ ধাৰা আইনত অন্তৰ্ভুক্ত কৰিছে।
অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুক ৩৭১ কোটি টকাৰ দক্ষতা বিকাশ কেলেংকাৰিত গ্ৰেপ্তাৰ কৰা হৈছিল। যোৱা ৯ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ৬ বজাত জ্ঞানপুৰমত বাছত শুই থকা অৱস্থাত তেওঁক গ্ৰেপ্তাৰ কৰে ৰাজ্যৰ অপৰাধ অনুসন্ধান বিভাগে। চি আই ডিৰ দাবী, নাইডুৰ নেতৃত্বত শ্বেল কোম্পানীৰ জৰিয়তে ব্যক্তিগত প্ৰতিষ্ঠানলৈ চৰকাৰী ধন হস্তান্তৰ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল।
