উগ্ৰপন্থীৰ আক্ৰমণৰ আশংকাত মণিপুৰৰ মেইটেইবহুল জিলাত হাই এলাৰ্ট

113

মণিপুৰত ম্যানমাৰৰ পৰা ৯০০ কুকি উগ্ৰপন্থীয়ে অনুপ্ৰৱেশ কৰিছে। ৰাজ্যিক নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে শুকুৰবাৰে এক সংবাদমেলত এই তথ্য প্ৰদান কৰে। তেওঁ কয় যে যোৱা তিনি-চাৰি দিন ধৰি উগ্ৰপন্থীৰ অনুপ্ৰৱেশৰ খবৰ পোৱা গৈছে।নিৰাপত্তা উপদেষ্টাগৰাকীৰ মতে, চোৰাংচোৱা সংস্থাই কৈছে যে অনুপ্ৰৱেশকাৰী উগ্ৰপন্থীসকলক ড্ৰোন বোমা, মিছাইল আৰু গেৰিলা যুদ্ধৰ প্ৰশিক্ষণ দিয়া হয়। তেওঁলোক ৩০-৩০ জন লোকৰ গ্ৰুপত আছে আৰু বিভিন্ন অঞ্চলত আত্মগোপন কৰি আছে। তেওঁ কয় যে উগ্ৰপন্থীয়ে ২৮ ছেপ্টেম্বৰৰ আশে পাশে মেইটেই গাওঁসমূহত আক্ৰমণ কৰাৰ সম্ভাৱনা আছে। আক্ৰমণৰ আশংকাৰ মাজতে চুৰাচান্দপুৰ, টেংনুপাল, উখৰুল, কামজং আৰু ফেৰজলকে ধৰি কেইবাখনো জিলাত সতৰ্কতা অৱলম্বন কৰা হৈছে। উল্লেখ্য যে ২০২৩ চনৰ ৩ মে’ৰ পৰা মণিপুৰৰ কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত সংৰক্ষণক লৈ হিংসাত্মক ঘটনা চলি আছে। চৰকাৰী পৰিসংখ্যা অনুসৰি, এতিয়ালৈকে সংঘটিত হিংসাত্মক ঘটনাত ২৩৭ জন লোকৰ মৃত্যু হৈছে। ১৫০০ ৰো অধিক লোক আহত হৈছে। ৬০,০০০ ৰো অধিক লোকে তেওঁলোকৰ ঘৰ ত্যাগ কৰিছে।