ষ্টাফৰিপোৰ্টাৰ, ২২ মে’ : ঈদৰ নামাজ ঘৰতে পঢ়াৰ বাবে আহ্বান জনাইছে ৰাষ্ট্ৰীয় জনতা দলৰ অসম ৰাজ্যিক সমিতিয়ে। এক বিবৃতি যোগে দলৰ সভাপতি, অভিযন্তা সোণাৰুল শ্বাহ মুস্তাফা আৰু সাধাৰণ সম্পাদক সত্যজিৎ দে আৰু সংখ্যালঘু কোষৰ সভাপতি ছায়েদ আলী আহমেদে কয় ” ইছলাম ধৰ্মী লোকসকলক পৱিত্ৰ ঈদুল ফিতৰৰ শুভেচ্ছা জনোৱাৰ লগতে ঘৰতে থাকিয়ে পৱিত্ৰ ঈদৰ নামাজ পঢ়িবলৈ আহ্বান জনালোঁ।”