ঈদত গৰু কোৰবানী নিদিবলৈ আহ্বান সাংসদ বদৰুদ্দিন আজমলৰ

134

গুৱাহাটীঃ অহা ১০ জুলাইত পালন কৰিবলগীয়া ঈদৰ সময়ত অসমৰ মুছলমান জনগোষ্ঠীক গৰু কোৰবানী নিদিবলৈ অনুৰোধ জনাইছে অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ মুৰব্বী বদৰুদ্দিন আজমলে।

“ভাৰতত বহুতো ভিন্ন সম্প্ৰদায়, জনগোষ্ঠী, ধৰ্মৰ ব্যক্তিৰ বাসস্থান। গৰুক পবিত্ৰ প্ৰতীক হিচাপে পূজা কৰা সনাতন ধৰ্মৰ সৰহসংখ্যক ভাৰতীয় লোকে পালন কৰে। হিন্দুসকলে গৰুক মাতৃ বুলি বিশ্বাস কৰে।’-আজমলে কয়।

লগতে ইছলামে কয় যে কোনো জীৱ-জন্তুৰ আঘাত নিদিব বুলি ধুবুৰী লোকসভাৰ সাংসদগৰাকীয়ে লগতে কয়।

‘সেইবাবেই মই মুছলমানসকলক ঈদৰ সময়ত গৰু কোৰবানী নকৰিবলৈ আহ্বান জনাইছো। আমি এই প্ৰথাক তীব্ৰ আপত্তি কৰিছো।’

আজমলে ধৰ্মীয় বাধ্যবাধকতা পূৰণ কৰাৰ লগতে আনৰ আৱেগক আঘাত দিয়াৰ পৰা হাত সাৰিবলৈ আন পশু ব্যৱহাৰ কৰি বলিদান আগবঢ়াবলৈ আহ্বান জনায় আজমলে।

দেশৰ সৰ্ববৃহৎ ইছলামিক একাডেমিক প্ৰতিষ্ঠান দাৰুল উলুম দেওবন্দেও দুবছৰ পূৰ্বে ঈদৰ দিনা গৰু বলি দিয়াৰ পৰা হাত সাৰিবলৈ আহ্বান জনাইছিল বুলি এ আই ইউ ডি এফৰ মুৰব্বীগৰাকীয়ে কয়।

জমিয়ত উলেমা-ই-হিন্দৰ অসম ইউনিটেও একেই অনুৰোধ কৰিছিল।

অসম চৰকাৰে যোৱা বছৰ গো-মাংস খোৱা জনগোষ্ঠীৰ আধিপত্য থকা অঞ্চলত আৰু ১৫-১৬ শতিকাৰ সন্ত-সংস্কাৰক শ্ৰীমন্ত শংকৰদেৱে গঠন কৰা মন্দিৰ আৰু ‘সত্ৰ’ৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গো-মাংস বিক্ৰী নিষিদ্ধ কৰিছিল।