ই আই এ-২০২০ কোনো কাৰণতে মানি লোৱা নহ’ব–এল ডি পি যুৱ মৰ্চা

101

ষ্টাফৰিপৰ্টাৰ, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ভয়াবহ ই আই এ-২০২০ কোনো কাৰণতে মানি লোৱা নহ’ব বুলি স্পষ্ট মত প্ৰকাশ কৰিছে এল ডি পি যুৱ মৰ্চাই। দেশৰ বনাঞ্চলত উদ্যোগ তথা প্ৰকল্প স্থাপনৰ বাবে অনুমতি প্ৰদানৰ স্বাৰ্থত পৰিবেশ মন্ত্ৰ্যালয়ে শেহতীয়া ভাৱে প্ৰস্তুত কৰিছে পৰিবেশ প্ৰভাৱ অধ্যয়ন (ই আই এছ-২০২০) শীর্ষক এক গণবিৰোধী খচৰা। তাৰোপৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সম্পদৰাজি বহিৰাগত বণিয়াৰ হাতত অৰ্পন কৰাৰ স্বাৰ্থও অন্ত:নিহিত হৈ আছে এই অধিসূচনাখনত। এই সম্বন্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক দিগন্ত শৰ্মাই কয় যে ই আই এ ২০২০ খচৰা খন অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ স্বাৰ্থৰ পৰিপন্থী বুলি বিবেচিত হৈছে।
এই খচৰা অনুসৰি উদ্বেগজনক বিষয়টো হ’ল চৰকাৰে নিজৰ ইচ্ছা অনুযায়ী বনাঞ্চলত উদ্যোগ তথা প্ৰকল্প স্থাপনৰ বাবে অনুমতি প্ৰদান কৰিব পাৰিব;ইয়াত ৰাইজৰ ওজৰ-আপত্তি কৰাৰ কোনো সুবিধা নাথাকিব। তাৰোপৰি যিকোনো আন্ত:ৰাষ্ট্ৰীয় সীমাৰেখাৰ পৰা ১০০ কি:মি: ভিতৰলৈ উদ্যোগ তথা প্ৰকল্প স্থাপনৰ বাবে চৰকাৰে সিদ্ধান্ত ল’ব পাৰিব আৰু ইয়াত ৰাজহুৱা শুনানিৰ কোনো ব্যৱস্থা নাথাকিব।প্ৰস্তাৱিত ১০০ কি:মি: দূৰত্বৰ ক্ষেত্রত আকাশী দূৰত্বৰ কথাহে কোৱা হৈছে। যিহেতু আমি সকলোৱে জানো যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় আটাইকেইখন ৰাজ্য আন্ত:ৰাষ্ট্ৰীয় সীমাৰেখাৰে সংযুক্ত হৈ আছে। গতিকে যধে-মধে উদ্যোগ আৰু নানান প্ৰকল্প স্থাপনৰ ফলত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰ-পৰ্বত, নদ-নদী, অভয়াৰণ্য-সংৰক্ষিত বনাঞ্চল আদিকে ধৰি সমগ্ৰ পৰিবেশ তন্ত্ৰ যে সম্পূর্ণ ভাৱে বিনষ্ট হৈ পৰিব সেয়া খাটাং।যিহেতু সমগ্ৰ দেশজুৰি এই অধিসূচনাখনৰ বিৰুদ্ধে ৰাইজ সৰৱ হৈ উঠিছে, গতিকে যুৱ মৰ্চাৰ সভাপতি চন্দ্রপল বৰুৱাই এনেধৰণৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে অসমৰ ৰাইজকো সজাগ আৰু সৰৱ হ’বলৈ আহ্বান জনাইছে।