ষ্টাফৰিপৰ্টাৰ, দেশৰ বনাঞ্চলত উদ্যোগ তথা প্ৰকল্প স্থাপনৰ বাবে অনুমতি প্ৰদানৰ স্বাৰ্থত পৰিবেশ মন্ত্ৰ্যালয়ে শেহতীয়া ভাৱে প্ৰস্তুত কৰিছে পৰিবেশ প্ৰভাৱ অধ্যয়ন (ই আই এছ-২০২০) শীর্ষক এক জনবিৰোধী খচৰা বুলি অভিহিত কৰে লিবাৰেল ডেমক্রেটিক পাৰ্টি, (এল ডি পি) অসমে। এল ডি পিৰ সাধাৰণ সম্পাদক পাৰ্থ প্ৰতীম বেজবৰুৱাই কয় ‘এই খচৰা অনুসৰি উদ্বেগজনক বিষয়টো হ’ল চৰকাৰে নিজৰ ইচ্ছা অনুযায়ী বনাঞ্চলত উদ্যোগ তথা প্ৰকল্প স্থাপনৰ বাবে অনুমতি প্ৰদান কৰিব পাৰিব। ইয়াত ৰাইজৰ আপত্তি কৰাৰ কোনো সুবিধা নাথাকিব। তাৰোপৰি যিকোনো আন্ত:ৰাষ্ট্ৰীয় সীমাৰেখাৰ পৰা ১০০ কি:মি: ভিতৰলৈ উদ্যোগ তথা প্ৰকল্প স্থাপনৰ বাবে চৰকাৰে সিদ্ধান্ত ল’ব পাৰিব আৰু ইয়াত ৰাজহুৱা শুনানিৰ কোনো ব্যৱস্থা নাথাকিব।প্ৰস্তাৱিত ১০০ কি:মি: দূৰত্বৰ ক্ষেত্রত আকাশী দূৰত্বৰ কথাহে কোৱা হৈছে। যিহেতু আমি সকলোৱে জানো যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় আটাইকেইখন ৰাজ্য আন্ত:ৰাষ্ট্ৰীয় সীমাৰেখাৰে সংযুক্ত হৈ আছে। গতিকে এইখন খচৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ স্বাৰ্থৰ পৰিপন্থী।তাৰ ফলত হৈ পৰ তাৰোপৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰিবেশ তন্ত্ৰ যে সম্পূর্ণ ভাৱে বিনষ্ট হৈ পৰিব সেই সম্বন্ধে জ্ঞাত হৈয়ো কেন্দ্রীয় চৰকাৰে সম্পূৰ্ণ নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰিছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অতি ভয়াবহ এই অধিসূচনাখন কোনো কাৰণতে মানি ল’ব নোৱাৰি। চৰকাৰৰ এই প্ৰস্তাৱে অসমবাসীক ধ্বংসৰ মুখলৈ ঠেলি দিব আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সম্পদ অতি সহজে বহিৰাগতই হস্তগত কৰিব পাৰিব।’
