ইডিৰ গুৱাহাটী কাৰ্যালয়ত অভিনেত্ৰী তামান্না ভাটিয়াক সোধা-পোছা

9

বৃদ্ধি পাইছে বলিউড অভিনেত্ৰী তামান্না ভাটিয়াৰ বিপদ। অভিনেত্ৰীগৰাকী মহাদেৱ বেটিং এপ গোচৰৰ সৈতে সাঙুৰ খাই পৰিছে। সেয়ে অভিনেত্ৰীগৰাকীক প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) গুৱাহাটীৰ কাৰ্যালয়ত বৃহস্পতিবাৰে সোধা-পোছা কৰে। তামান্না ভাটিয়াক এই গোচৰত অভিযুক্ত হিচাপে সোধা-পোছা কৰা হোৱা নাই, কিন্তু এই এপটোৰ প্ৰচাৰৰ সন্দৰ্ভত কৰা হৈছে। অভিনেত্ৰীগৰাকী শেহতীয়াকৈ ‘স্ত্ৰী ২’ চলচ্চিত্ৰখনৰ বাবে শিৰোনামত আছিল, য’ত তেওঁৰ গীত ‘আজি কি ৰাত’ চৰ্চাত আছিল। ইডিয়ে তামান্না ভাটিয়াক এইচপিজেড (HPZ) এপ কেলেংকাৰীত সোধা-পোছাৰ বাবে মাতি পঠিয়াইছিল। তামান্না তেওঁৰ মাতৃৰ সৈতে দিনৰ প্ৰায় ১.৩০ বজাত গুৱাহাটীৰ ইডি কাৰ্যালয়ত উপস্থিত হয়। এই এপৰ জৰিয়তে ৫৭ হাজাৰ টকা বিনিয়োগৰ বাবে প্ৰতিদিনে ৪ হাজাৰ টকা পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি দি বহু লোকক কোটি কোটি টকাৰ প্ৰতাৰনা কৰাৰ অভিযোগ আছে। প্ৰৱঞ্চনাৰ বাবে শ্বেল কোম্পানীৰ নামত বিভিন্ন বেংকত ভুৱা একাউণ্ট খোলা হৈছে, য’ত বিনিয়োগকাৰীসকলক ধন স্থানান্তৰ কৰা হৈছিল। জানিব পৰা মতে মহাদেৱ এপটো এইচপিজেডৰ সৈতেও সংযুক্ত।অভিনেত্ৰীগৰাকীয়ে ফেয়াৰপ্লে বেটিং এপত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খেল চোৱাৰ প্ৰচাৰ কৰিছে বুলি জানিব পৰা গৈছে। তামান্নাৰ বিৰুদ্ধে মহাদেৱ অনলাইন গেমিং আৰু বেটিং এপ্লিকেচন সমৰ্থন কৰা এটা এপত আই পি এল মেচ অবৈধৰূপে চোৱা পদ্ধতি প্ৰচাৰ কৰাৰ অভিযোগ আছে। এই সন্দৰ্ভত, ইডি-য়ে মাতি পঠিয়াইছিল। ফেয়াৰপ্লে’ হৈছে এক বেটিং বিনিময় মঞ্চ, যি বিভিন্ন ক্ৰীড়া আৰু মনোৰঞ্জনৰ জৰিয়তে জুৱা খেলৰ প্ৰচাৰ কৰে। এইটো হৈছে মহাদেৱ অনলাইন গেমিং এপৰ সমৰ্থনমূলক প্ৰয়োগ, যি ক্ৰিকেট, বেডমিণ্টন, টেনিছ, ফুটবল কাৰ্ড গেমৰ দৰে বিভিন্ন লাইভ গেমত অবৈধ বেটিংৰ বাবে মঞ্চ প্ৰদান কৰে। উল্লেখ্য যে মহাদেৱ বেটিং এপটোৱে যোৱা বছৰ শিৰোনাম দখল কৰিছিল যেতিয়া অভিনেতা ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰ, যি ইয়াৰ বিজ্ঞাপনত দেখা গৈছিল, তেওঁলোককো ইডিয়ে সোধা-পোছাৰ বাবে মাতি পঠিয়াইছিল। বেটিং আৰু গেমিং এপৰ ওপৰত বিভিন্ন সংস্থাৰ পদক্ষেপৰ পিছত বলীউডৰ বহুতো তাৰকা তদন্তৰ অধীনলৈ আহিছিল।