ইছলামিক সন্ত্ৰাসবাদী সংগঠন আল কায়দাই কূটাঘাত সংঘটিত কৰাৰ আশংকা কৰা হৈছে অসমত। আল কায়দাৰ নেতৃত্বই সংগঠনৰ কেডাৰলৈ লিখা এখন পত্ৰ অসম চৰকাৰৰ গৃহ বিভাগৰ হাতত পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ আতংকৰ।
ইফালে এই পত্ৰ হাতত পৰাৰ পিছতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তই প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকলৈ জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছে। হাই এলাৰ্ট জাৰি কৰি বাছ আস্থান, ৰেলৱে ষ্টেচন, বজাৰ আদি জনসমাগম হোৱা ঠাইত তীক্ষ্ণ নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।
উল্লেখ্য যে, গৃহ বিভাগৰ হাতত পৰা সন্ত্ৰাসবাদী সংগঠনটোৰ পত্ৰখনত আল কায়দাৰ নেতৃত্বই স্পষ্টভাৱে কেডাৰ সকলক কৈছে- এতিয়া বহি থকাৰ সময় নহয়।
