“… ইচ্ছামৃত্যুৰ অনুমতি দিয়ক!” -নগাঁৱত এগৰাকী কৰ্মচাৰীৰ প্ৰতিবাদ

158

ঋতু পৰ্ণ শৰ্মা, নগাঁও: “চাকৰি নিয়মীয়া কৰক, নহয় ইচ্ছা মৃত্যুৰ অনুমতি দিয়ক।” -বুধবাৰে দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ দিনাই নগাঁৱত লোক নিৰ্মাণ বিভাগত কৰ্মৰত এজন কৰ্মচাৰীয়ে এই দাবী উত্থাপন কৰি এক প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদ সাব্যস্ত কৰা কৰ্মচাৰীজন হৈছে পুৰণিগুদামৰ দুলাল বৰা । উল্লেখ্য যে দুলাল বৰা নামৰ ব্যক্তিজনৰ চাকৰিৰ কাৰ্যকাল প্ৰায় শেষেই । মাজত আৰু মাত্ৰ এটা বছৰ বাকী । কিন্তু বৰ্তমানলৈকে ব্যক্তিজনৰ চাকৰি নিয়মীয়াকৰণ নোহোৱাত নিজৰ ভৱিষ্যৎ জীৱনৰ কথা চিন্তা কৰি দেশৰ গণৰাজ্য দিৱসৰ দিনা বৰাই অৱস্থান ধৰ্মঘটত বহে নগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত ।

বিভাগীয় মূৰব্বীক বহুবাৰ অনুনয়-বিনয় কৰিও নিজ চাকৰিটো নিয়মীয়াকৰণ নোহোৱা বাবে অৱশেষত ইচ্ছা মৃত্যু বিচাৰি অৱস্থান ধৰ্মঘটত বহিব লগা হয় জিলাখনৰ লগতে অসমতে শিশু প্ৰেমী বুলি পৰিচিত পুৰণিগুদামৰ দুলাল বৰা।