ইউক্ৰেইনৰ ভাৰতীয় শিক্ষাৰ্থীসকলক স্বদেশলৈ উভতি আহিবলৈ আহ্বান ভাৰতীয় দূতাবাসৰ

72

ইউক্ৰেইনৰ যুদ্ধসদৃশ পৰিৱেশৰ মাজত ৰাষ্ট্ৰখনত অধ্যয়নৰত ভাৰতীয় শিক্ষাৰ্থীসকলক স্বদেশলৈ উভতি আহিবলৈ আহ্বান জনাইছে ভাৰতীয় দূতাবাসে। এক বিবৃত্তি জাৰি কৰি ভাৰতীয় শিক্ষাৰ্থীসকলক অনতিপলমে ইউক্ৰেইন এৰি ভাৰতলৈ উভতি আহিবলৈ আহ্বান জনায় কিয়েভত থকা ভাৰতীয় দূতাবাসে।

এক নিৰ্দেশনাত দূতাবাসে কয় যে বৰ্তমান ইউক্ৰেইনৰ পৰিস্থিতি অধিক ভয়াবহ হৈ গৈ আছে। এনে যুদ্ধসদৃশ পৰিস্থিতি শিক্ষাৰ্থীসকলৰ বাবে কোনোপধ্যেই উপযুক্ত নহয়। গতিকে ৰাষ্ট্ৰখনৰ এনে অত্যন্ত ভয়াবহ পৰিস্থিতিৰ পৰা ভাৰতীয় শিক্ষাৰ্থীসকলে শীঘ্ৰে আতৰি আহিব লাগে।

ইফালে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীসকলক স্বদেশলৈ উভতাই আনিবলৈ অহা ২৫ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চৰ ভিতৰত ৪ খনকৈ বিমান ভাৰতৰ পৰা ইউক্ৰেইনলৈ উৰা মাৰিব বুলি ভাৰত চৰকাৰৰ এক সূত্ৰই সদৰী কৰিছে। ভাৰতীয় শিক্ষাৰ্থীসকলক স্বদেশলৈ উভতাই আনিবলৈ এয়াৰ আৰৱ, ফ্লাই ডুবাই, কাটাৰ এয়াৰৱেজ আদি বিমান পৰিবহন সংস্থাই ভাৰতৰ সহায় কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ এক সূত্ৰই জানিবলৈ দিছে।