বৃহস্পতিবাৰে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা মুঠ ২৩ জন অসমীয়া শিক্ষাৰ্থী ভাৰতত সুকলমে উপস্থিত হৈছে। শিক্ষাৰ্থীসকলে নতুন দিল্লীত উপস্থিত হোৱাৰ পিছতে দিল্লীৰ অসম ভৱনে শিক্ষাৰ্থী কেইগৰাকীক আদৰি লয়।
বৃহস্পতিবাৰে ৰাতিপুৱা দিল্লীত উপস্থিত হোৱা শিক্ষাৰ্থীসকল হৈছে. মুকুল দোশী, ৱাকিব আমিন মজুমদাৰ, অংশুল ভাৰতীয়, জিন্টু ফুকন, নিশিকেশ কৌশিক, ৰেয়া শৰ্মা ঠাকুৰ, গুৱাহাটীৰ অমিতেশ নাথ, জালুকবাৰীৰ মহম্মদ নিশাৰ আলম, মঙলদৈৰ মহম্মদ পাকীজ আহমেদ, শুৱালকুছিৰ হিমজ্যোতি তালুকদাৰ, মহম্মদ মুদাশিৰ, চিন্ময় শৰ্মা, আবিদা বেগম চৌধুৰী, বিক্ৰমাদিত্য বৰা, পক্ষীৰাজ বৈশ্য, মাধুৰ্য কলিতা, সুস্মিতা চেত্ৰী, আকুলদীপ শৰ্মা, ৰেয়াজ হুছেইন, অনুভব বৰা, দৰ্শন পাঠক আৰু চৈয়দ জোহাৰুল আলম।
