ইউক্ৰেইনৰ চুমীৰ পৰা সুকলমে আহি নগাঁৱৰ দক্ষিণপাটৰ ঘৰ পালেহি পিনাকী ৰঞ্জন

65

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ চুমী চহৰত আৱদ্ধ হৈ থকা ৪১গৰাকী ভাৰতীয় ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰি আনিলে ভাৰত চৰকাৰে। সেই সকলৰ ভিতৰত নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ দক্ষিণপাটৰ পিনাকী ৰঞ্জন কাশ্যপ নামৰ এজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰও।

উল্লেখ্য যে ইউক্ৰেইনৰ চুমী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ অধ্যয়নৰত দক্ষিণপাটৰ শশী প্ৰসাদ শৰ্মা আৰু ধীৰুমণি শৰ্মাৰ পুত্ৰ পিনাকী ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছৰে পৰা আন ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ নিচিনাকৈ তেৱোঁ চুমী চহৰতে আৱদ্ধ হৈ চৰম দুৰ্যোগৰ মাজেৰে প্ৰতিটো মূহুৰ্ত পাৰ কৰিব লগীয়া হৈছিল। ভাৰত চৰকাৰে বিশেষ তৎপৰতাৰে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰ কৰি দিল্লীলৈ অনাৰ পাছত পিনাকী ৰঞ্জন দিল্লীৰ পৰা গুৱাহাটীলৈ আহি তাৰ পৰা কালি নিশা বেবেজীয়াৰ সমীপৰ দক্ষিণপাটৰ বাসগৃহলৈ আহে।

ইপিনে, সাংবাদিকৰ আগত পিনাকী ৰঞ্জনে কাশ্যপে কয়-“১৩ দিন থাকিলোঁ যুদ্ধৰ বিভীষিকাময় পৰিৱেশৰ মাজত। সকলো বন্ধ হৈ পৰিছিল। যাতায়তৰ কোনো ব্যৱস্থা নাছিল। তাৰ মাজতো যে সুকলমে ঘৰ আহি পালোঁহি, তাৰ বাবে ভাৰত চৰকাৰ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।”

ইউক্ৰেইনৰ যুদ্ধৰ বিভীষিকাময় পৰিৱেশৰ কথা উল্লেখ কৰি ছাত্ৰ জনে আৰু কয় যে তাত (ইউক্ৰেইনত) অকল্পনীয় পৰিৱেশ। চৌদিশে বোমা আৰু চাইৰেণৰ শব্দ। চাইৰেণ বাজিলেই বাংকাৰলৈ দৌৰ মাৰিব লাগে। তিনি ঘন্টাৰ পৰা সাত ঘন্টা পৰ্যন্ত বাংকাৰত কটাব লগীয়া হৈছিল। বাংকাৰৰ ভিতৰত খাদ্য,বিদ্যুৎ আনকি খোৱাপানীৰো অভাৱ ঘটিছিল। বৰফ গলাই সেই পানীকে খাব লগীয়া হৈছিল।

পিনাকীয়ে আৰু কয় যে এতিয়া সমগ্ৰ চুমী চহৰ বোমা-বাৰুদৰ ধোঁৱা,জুইয়ে ছানি ধৰিছে । আমি যি দেখিছিলোঁ সেইবোৰ কথা মনত পৰিলে গাৰ নোম সিয়ৰি উঠে । কিন্তু ইউক্ৰেইনৰ লোকসকলৰ দেশপ্ৰেম মানিব লগীয়া ।

কেৱল ভাৰতৰে নহয় সমগ্ৰ বিশ্বৰে ছাত্ৰ-ছাত্ৰীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক শলাগ লৈছে বুলিও ছাত্ৰজনে মন্তব্য কৰি কয় যে কেৱল ভাৰতৰে নহয় চীন,পাকিস্তানৰ লগতে আন আন দেশৰ বহু ছাত্ৰ-ছাত্ৰীক ইউক্ৰেইনৰ পৰা ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে উদ্ধাৰ কৰিছে ৷

পিনাকী ৰঞ্জনৰ পিতৃ-মাতৃয়ে কয়,”আজি আমি কিমান যে আনন্দিত হৈছো তাক বুজাব নোৱাৰিম । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অশেষ ধন্যবাদ।”