আৰ জি কৰ কাণ্ডৰ নতুন মোৰ

102

দেশ জোকাৰি যোৱা আৰ জি কৰ কাণ্ডৰ নতুন মোৰ। অৱশেষত আৰ জি কাৰ হাস্পতালৰ দুৰ্নীতিৰ গোচৰত চিকিৎসালয়খনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰিলে চি বি আইয়ে। সন্ধিয়া ছল্ট লেকৰ চি জি অ’ কমপ্লেক্সৰ পৰা নিজাম পেলেচৰ চি বি আইৰ কাৰ্যালয়লৈ অনা হয় সন্দীপ ঘোষক। ইয়াৰ পিছত জানিব পৰা গৈছে যে সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰা হৈছে। আজিৰ দিনটোতে সন্দীপ ঘোষক নিজাম পেলেচলৈ অনাৰ পূৰ্বে তাত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। আৰ জি কাৰ হাস্পতালত এগৰাকী যুৱতী চিকিৎসকক হত্যাৰ ঘটনাৰ সন্দৰ্ভত ১৮ দিন ধৰি চিবিআইয়ে জেৰা অব্যাহত ৰাখিছে সন্দীপ ঘোষক। ইয়াৰ উপৰিও উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত আৰ জি কাৰ হাস্পতালৰ দুৰ্নীতিৰ গোচৰত সন্দীপৰ বিৰুদ্ধেও চিবিআইয়ে তদন্ত আৰম্ভ কৰে।সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰাৰ লগে লগে আজিৰ দিনটোত আন্দোলনকাৰী চিকিৎসকসকলে উত্তেজনাত বিস্ফোৰণ ঘটালে। আন্দোলনকাৰীৰ মতে আৰক্ষীয়ে কৰিব নোৱাৰা কাম চিবিআইয়ে কৰিছে।