ষ্টাফৰিপোৰ্টাৰ, ২০ মে’ : পূৱ গুৱাহাটী ভূমি সংস্কাৰ সমিতিয়ে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ ৬৯৯০০.০০ টকাৰ বৰঙণি চেক যোগে আগবঢ়ায়। এই চেকখন কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৰ হাতত প্ৰদান কৰা হয়। এই অনুষ্ঠানত পূৱ গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ উপ-সভাপতি সূৰ্য কান্ত ৰাভা, সম্পাদক নৰেন ৰয়, সহকাৰী সম্পাদক দেৱেন্দ্ৰ পাটগিৰি আৰু সদস্য মুনিদ্ৰ ডেকা উপস্থিত থাকে। উল্লেখ উক্ত বৰঙণি পূৱ গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ অন্তৰ্গত ৭০ খন উন্নয়ন সমিতিয়ে পূৱ গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ জৰিয়তে আগবঢ়ায়।