আৰণ্যক-দুৰ্যোগ ব্যৱ্স্থাপনা কৰ্তৃপক্ষৰ প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ

365

মানৱ হাতী সংঘাতৰ বলি হোৱা লোকক প্ৰাথমিক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত মানৱ-হাতী সংঘাত প্ৰৱণ অঞ্চলৰ গাঁওবাসীৰ দক্ষতা বৃদ্ধিৰ উদ্দেশ্য আগত ৰাখি অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে (www.aaranyak.org) বাক্সাৰ জিলা দুৰ্যোগৰ ব্যৱস্থাপনা কৰ্তৃপক্ষ (ডি ডি এম এ)ৰ সহযোগত ৪ ছেপ্টেম্বৰত জিলাখনৰ হস্তীনাপুৰ গাঁৱত এটা প্ৰাথমিক চিকিৎসা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে ।

আৰণ্যকৰ বিষয়ববীয়া অঞ্জন বৰুৱাই পৰিচালনা কৰা এই প্ৰশিক্ষণত গাওঁখনৰ প্ৰায় ৩০ জন লোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে । বৰুৱাই অংশগ্ৰহণকাৰীসকলক মানৱ-হাতী সংঘাত বাবে হ’ব পৰা আকস্মিক আঘাতৰ সময়ত প্ৰাথমিক চিকিৎসাৰ প্ৰয়োজনীয়তাৰ বিষয়ে ব্যাখ্যা কৰে ।

জিলা দুৰ্যোগৰ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ “আপদা মিত্ৰ” হিচাপে পৰিচিত স্বেচ্ছাসেৱকৰ এটা দলে বিভিন্ন জৰুৰীকালীন পৰিস্থিতিত প্ৰযোজ্য হোৱা বিভিন্ন প্ৰাথমিক চিকিৎসা পদ্ধতি প্ৰদৰ্শন কৰে। ঋতুপন কলিতা সমল ব্যক্তি হিচাপে থকা দলটোৰ আন সদস্যসকল আছিল ক্ৰমে গোপাল কৃষ্ণ দাস, শচীন দাস, উৎপল ৰাভা আৰু সঞ্জিত দৈমাৰী। দলটোক নেতৃত্ব দিয়া ডালিম কলিতাই সমগ্ৰ প্ৰশিক্ষণ কাৰ্যসূচী পৰিচালনা কৰে ।

চাউলকৰা ৰাজহ বন্য সুৰক্ষা এন জি অ’ৰ সভাপতি লীলা কাৰ্কীয়ে আৰম্ভণি কৰা এই প্ৰশিক্ষণত চাউলকৰা ৰাজহ বন্য সুৰক্ষা এন জি অ’ৰ উপ সভাপতি কিশোৰ ৰায়, পূৱ নিকাশী উন্নয়ন সমিতিৰ সভাপতি নেত্ৰ পৌডেল আৰু সম্পাদক ৰুদ্ৰ বৰলে অংশগ্ৰহণ কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত উত্তৰকুছিৰ সংৰক্ষণ কৰ্মী বিনয় বড়ো, হেদায়েতপুৰৰ আল্লাউদ্দিন আহমেদ আৰু ঈশান আলীও উপস্থিত থাকে।

আৰণ্যকৰ ৰুবুল তাঁতিয়ে অংশগ্ৰহণকাৰীসকলৰ সৈতে সৰ্প দংশন আৰু সৰ্প দংশনৰ প্ৰাথমিক চিকিৎসাকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ বিষয়ত মত বিনিময় কৰে।

প্ৰশিক্ষণৰ উপৰিও আৰণ্যকৰ দলটোৱে যোৱা ৪ ছেপ্টেম্বৰত বাক্সা জিলাৰ সুৱনখাটা অঞ্চলৰ হাতী সংৰক্ষণ নেটৱৰ্ক (ইচিএন)ৰ সদস্যসকলৰ সৈতেও এক বৈঠকত মিলিত হৈ হাতী অহা-যোৱা আৰু টহল সন্দৰ্ভত তথ্য যোগানৰ প্ৰচেষ্টাৰ শলাগ লয়। ই চি এনৰ এজন সদস্যই ই চি এনৰ গঠনে হাতীৰ গতিবিধি নিৰীক্ষণ কৰাত কেনেদৰে সহায় কৰিছে আৰু তাৰ ফলত বিশালকায় জন্তুটোৰ সৈতে মানুহৰ আকস্মিক মুখামুখিৰ ঘটনা হ্ৰাস পাইছে, সেই বিষয়ে সদৰি কৰে । ই চি এনে বন বিভাগক হাতী স্কোৱাডক গাঁৱৰ পৰা হাতী খেদি পঠোৱাত সহায় কৰে। কাম-কাজ আৰু নৈশ টহলত সুবিধাৰ বাবে ই চি এনৰ সদস্যসকলক ৰিচাৰ্জযোগ্য টৰ্চ লাইটৰ যোগান ধৰা হৈছে ।

আৰণ্যক দলৰ সদস্য ৰবিয়া দৈমাৰী, অভিজিত শইকীয়া, ৰেশমা নাৰ্জাৰী, মনদীপ বসুমতাৰী, প্ৰদীপ বৰ্মন, ৰূপম গয়াৰী, বিকাশ টোছা আৰু জৌগশৰ বসুমতাৰীয়ে প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।