আৰণ্যকৰ কে-নাইন স্কোৱাডৰ অন্যতম ‘শীলা’ৰ মৃত্যু

206

কাজিৰঙা, মানাহকে ধৰি বহুকেইখন ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰ আৰু বন্যপ্ৰাণী অপৰাধ বিৰোধী অভিযানত বন বিভাগক অনবদ্য সহায় কৰা আৰণ্যকৰ (www.aaranyak.org) বহু প্ৰশংসিত চোৰাং চিকাৰ বিৰোধী ‘ডগ স্কোৱাড’ কে নাইনৰ (K9) অন্যতম খ্যাতিমান সদস্য শীলা আৰু নাই। পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত নিয়োজিত হৈ থকা শীলাই বুধবাৰে পুৱা শেষ নিস্বাস ত্যাগ কৰে । শীলাৰ মৃত্যুৱে আৰণ্যক পৰিয়ালৰ লগতে এই অঞ্চলটোৰ বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে জড়িত সকলোকে শোকত ম্ৰিয়মান কৰিছে ।

বিশ্বৰ অন্যতম স্মাৰ্ট জাতৰ বেলজিয়ামৰ মেলিন’ইছ কুকুৰ শীলাক কঠোৰ প্ৰশিক্ষণৰ অন্তত ২০১৯ চনৰ জুন মাহত আৰণ্যকৰ অভিজাত কে-নাইন স্নিফাৰ ডগ স্কোৱাডৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল ।

প্ৰথমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বাগৰি ৰেঞ্জত নিয়োজিত কৰা শীলাই পৰবৰ্তী সময়ত মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষকো চোৰাং আৰু বন্যপ্ৰাণী অপৰাধ ৰোধ কৰা আৰু ধৰা পেলোৱাত সহায় কৰিছিল । জীৱনৰ শেষৰ দিনকেইটাত তাইক ৰাহুল দাসৰ তত্বাৱধানত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ গঁড়-বাসস্থানত কৰ্তৃপক্ষক সহায় কৰা কামত নিয়োজিত কৰা হৈছিল।

মানাহ ৰাষ্ট্ৰীয় উদ্যানত নিয়োজিত হৈ থকাৰ সময়ত শ্বীলাই ৰাষ্ট্ৰীয় উদ্যানতখনত এটা ভালুকৰ পোৱালিৰ চোৰাং চিকাৰত জড়িত অপৰাধীক বিচাৰি উলিওৱাত সহায় কৰি প্ৰসংশা বুটলিছিল । ২০২২ চনৰ জুন মাহত সম্পন্ন কৰা শীলাৰ এইটো অতি সফল আৰু স্মৰণীয় অভিযান আছিল ।

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন গঁড় সংৰক্ষণবিদ আৰু বন্যপ্ৰাণী অপৰাধ বিশেষজ্ঞ, আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিষয়া ড: বিভৱ কুমাৰ তালুকদাৰে শীলাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয়, “বিভিন্ন বন্যপ্ৰাণী অপৰাধৰ কাণ্ডৰ তদন্তত শ্বিলাকে ধৰি আমাৰ কে-নাইন স্কোৱাডে বন বিষয়াসকলক অপৰাধীৰ পলায়নৰ পথ বিচাৰি উলিওৱাত সহায় কৰি অপৰাধীক গ্ৰেপ্তাৰত সহায় কৰিছিল । শীলাই তাইৰ জীৱনকালত অমূল্য বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদান আমি সদায় মনত ৰাখিম। আমি তাইক সংৰক্ষণ নায়ক হিচাপে গণ্য কৰোঁ” ।

৫টা বেলজিয়াম মেলিন’ইছ কুকুৰ আৰু সিহঁতৰ তত্ত্বাবধায়কক লৈ গঠিত বৰ্তমানৰ কে-নাইন ডগ স্কোৱাডে কাজিৰঙা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল, মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অসমৰ অন্যান্য গঁড় বিচৰনথলী সমূহত বন আৰু আৰক্ষী বিষয়াসকলক সক্ৰিয়ভাৱে সহায় কৰি থকাৰ ফলত বহু চোৰং চিকাৰীৰ গ্ৰেপ্তাৰ সম্ভৱ হৈছে । শীলাৰ বাবদ হোৱা সকলো খৰছ বহন কৰা সংস্থা “নাবু ইণ্টাৰনেশ্যনেল” ৰ ড০ বাৰবাৰা মাছে শীলাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।