উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ কহৰাত ৯-১০ জুনলৈ এক দুদিনীয়া হস্তনিৰ্মিত চাহ প্ৰস্তুতকৰণ সম্পৰ্কীয় প্ৰশিক্ষণ আৰু দিকদৰ্শন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । কহৰাৰ চন্দ্ৰছিং ৰংপি গাঁৱৰ সমূহীয়া সমল কেন্দ্ৰত অনুষ্ঠিত প্ৰশিক্ষণত কাৰ্বি আংলং-কাজিৰঙা অঞ্চলৰ ছখন গাঁৱৰ ১৫ গৰাকী মহিলাৰ লগতে স্থানীয় চন্দ্ৰছিং ৰংপি মেম’ৰিয়েল হাইস্কুলৰ (চিআৰএমএইছএছ) ১২ গৰাকী আগ্ৰহী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । আৰণ্যকৰ বিকল্প বহনক্ষম জীৱিকা (এ এছ এল) অভিযানৰ অধীনত স্থানীয় মহিলাসকলক দিয়া এই প্ৰশিক্ষণত হস্তনিৰ্মিত চাহ প্ৰস্তুতকৰণ আৰু তেওঁলোকক সঠিক দিকদৰ্শন দিয়াৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয় । এই কাৰ্যসূচীত প্ৰশিক্ষক হিচাপে উপস্থিত থকা এলেংপথাৰ গাঁৱৰ উদ্যোগী মহিলা মীনা টকবিপীয়ে অংশগ্ৰহণকাৰীসকলক হাতে-কামে “গ্ৰীণ টী” আৰু “অৰ্থডক্স টী” প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ আৰু দিহা পৰামৰ্শ দিয়ে।
Latest article
ভৰতপুৰ কৌশল মহোৎসৱত চাকৰি নিশ্চিত হ’ল ২৪০০ৰো অধিক যুৱক-যুৱতীৰ
দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম(এনএচডিচি)ৰ দ্বাৰা আয়োজিত ভৰতপুৰ কৌশল মহোৎসৱ দেশৰ বিভিন্ন খণ্ডৰ শীৰ্ষ নিয়োগকৰ্তাৰ পৰা ২৪০০ৰো অধিক যুৱক-যুৱতীয়ে...
মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল ভাৰতীয় হকী দলৰ
গোল্ডেন গাৰ্ল দীপিকাৰ প্ৰতিযোগিতাখনত তেওঁৰ ১১ তম গ'লৰ সহায়ত ভাৰতে অলিম্পিকৰ ৰূপৰ পদক বিজয়ী চীনক ১-০ গ'লত পৰাস্ত কৰি মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফী হকী...
২০২৫ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ তাৰিখ ঘোষণা চিবিএছইৰ
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছই) ২০২৫ বৰ্ষৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছে, যি ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিব। চিবিএছই পৰীক্ষাবোৰ...