আৰক্ষী প্ৰশাসনৰ সন্মুখতে মুকলিকৈ বিক্ৰী নিষিদ্ধ গুটখা

92

মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানলৈ পত্ৰ প্ৰেৰণ কনজুমাৰ্চ লিগেল প্রটেকশ্ব ফৰামৰ

ষ্টাফৰিপৰ্টাৰ, দেশত কৰ’না ভাইৰাছে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত গৃহ মন্ত্ৰালয়ে গুটখা ৰাজ্যৰ নিষিদ্ধ কৰিছে। কিন্তু ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ সন্মুখতে আজিও মুকলিকৈ গুটখাৰ বিক্ৰী অব্যাহত আছে। লকডাউনৰ সুযোগত ৰাজ্যৰ নিষিদ্ধ গুটখাৰ বৃহৎ ক’লা বজাৰ গঢ় লৈ উঠিছে। মনকৰিবলগীয়া যে ২৪ ঘণ্টাই আৰক্ষী প্ৰশাসনৰ লোক গিজগিজাই থকা সময়ত তেওঁলোকৰ চকুত ধূলি দি কেনেদৰে নিষিদ্ধ গুটখাৰ বৃহৎ ক’লা বজাৰ গঢ় লৈ উঠিছে তাক লৈ ৰাজ্যৰ চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে ৰাজ্য চৰকাৰে ক’ভিড-১৯ নিৰ্দেশনা ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছে কনজুমাৰ্চ লিগেল প্রটেক্টস্বন ফৰামে। সংগঠনটোৱে এই সন্দৰ্ভত শনিবাৰে ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে সংশ্লিষ্ট বিষয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি শীঘ্ৰে ইয়াৰ কাৰ্যকৰীকৰণৰ দাবী উত্থাপন কৰে। কনজুমাৰ্চ লিগেল প্রটেক্টস্বন ফৰামৰ সম্পাদক অজয় হাজৰিকাই এই সন্দৰ্ভত কয় ” ৰাজ্য চৰকাৰে কেইবামাহৰ পূৰ্বে ইয়াক নিষিদ্ধ কৰাৰ পাছত এতিয়াও আৰক্ষী প্ৰশাসনৰ চকুৰ সন্মুখতে সকলো বিক্ৰী হৈ আছে। ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰতিখন জিলাত গুটখাৰ প্ৰচলন কঠোৰভাৱে বন্ধৰ নির্দেশ আছে যদিও অসম এই ক্ষেত্ৰত ব্যতিক্ৰম। আই চি এম আৰ, বিশ্ব স্বাস্থ্য সংস্থায়ো এই ক্ষেত্ৰত সকলোকে সজাগ হ’বলৈ আহ্বান জনাই আহিছে। ৰাজ্যৰ স্বাস্থ্য বিভাগক এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ গুটখা বন্ধ কৰিবলৈ এক পত্ৰৰ জৰিয়তে নিৰ্দেশ প্ৰেৰণ কৰে যদিও কাৰ্যক্ষম নহ’ল। সেয়ে আমি এই নিৰ্দেশনা শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ শনিবাৰে পত্ৰৰ জৰিয়তে দাবী জনাইছোঁ।” উল্লেখ্য সাম্প্ৰতিক সময়ত খুচুৰা বজাৰত গুটখাৰ লগতে এটা সৰু ৰাজনীগন্ধাৰ ২৫ টকীয়া পেকেট ৩০ ৰ পৰা ৩৫ টকা, ১০ টকা মূল্যৰ কমলাপচন ১৫ ৰ পৰা ২০ টকা, ১০ টকা মূল্যৰ শিখৰ ১৫ টকাৰ পৰা ২০ টকা, ১৫ টকা মূল্যৰ চিগনেচাৰ ২০ টকাৰ পৰা ২৫ টকাত বিক্ৰী হৈ আছে। ইয়াৰ পাছতো গুটখাৰ কলা ব্যৱস্যায় চৰকাৰৰ সংশ্লিষ্ট বিভাগে বন্ধ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই।