আৰক্ষী থানাৰ পৰাই আৰক্ষীয়ে চুৰি কৰিলে জব্দকৃত সুৰাৰ বটল! ASIসহ গ্ৰেপ্তাৰ ৫ আৰক্ষী

321

আৰক্ষীয়ে জব্দ কৰা সুৰাৰ বটল চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়া আৰু কনিষ্টবলৰ বিৰুদ্ধে। অভিযোগ অনুসৰি জব্দ কৰা সুৰাখিনি থানাত মজুত কৰি ৰখা ঠাইৰ পৰা কেইবাটাও বটল চুৰি কৰা হয়। এই ঘটনাত থানাৰ সহকাৰী উপ-পৰিদৰ্শক আৰু আন চাৰিজন কনিষ্টবলক গ্ৰেপ্তাৰ কৰা হৈছে।

গুজৰাটৰ মহিসাগৰ জিলাত সংঘটিত হৈছে এই ঘটনা। কেৱল সুৰাৰ বটলেই নহয়, জব্দ কৰা কেইবাখনো টেবুল ফেনো চুৰি হোৱাৰ অভিযোগ উত্থাপন হৈছে। একেটা সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল সুৰা আৰু ফেন। জব্দ কৰা সামগ্ৰীসমূহৰ পৰা মুঠ ১২৫টা সুৰাৰ বটল আৰু ১৫ খন ফেন চুৰি হয়। থানাৰ চিচিটিভি ফুটেজৰ ভিত্তিত বিষয়ৰ তদন্ত কৰি কনিষ্টবল আৰু এএছআইক গ্ৰেপ্তাৰ কৰে।

উপ-অধীক্ষক পি এছ ভালবিয়ে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, বাকুৰ থানাৰ পৰা জব্দ কৰা কেইবাটাও সুৰাৰ বটল আৰু ফেন চুৰি হৈছে। জব্দ কৰা সামগ্ৰীসমূহ থানাত মহিলা লক-আপত মজুত কৰি ৰাখিছিল। ডি এছ পিয়ে কয়, ‘ভাৰতত নিৰ্মিত বিদেশী সুৰা সৰবৰাহ কৰিবলৈ এজন ব্যক্তিয়ে চেষ্টা চলাইছিল। সেই সুৰা তেওঁ বাহিৰৰ পৰা গুজৰাটলৈ লৈ আহিছিল। সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰা হৈছিল মুঠ ৭৫খন ফেন। সেই ফেন বক্সৰ আঁৰত মদৰ বটল এটা লুকুৱাই তেওঁ কাম পাবলৈ চেষ্টা কৰিছিল। কিন্তু আৰক্ষীয়ে ধৰিলে। উদ্ধাৰ হৈছে ৭৫টা ফেন আৰু মুঠ ৪৮২ বটল সুৰা। মুঠতে যাৰ বজাৰ মূল্য ২ লাখ টকাৰ ওচৰত।

কিয় জব্দ কৰা সামগ্ৰীসমূহ মহিলাৰ লক-আপত ৰখা হৈছিল? এনে সামগ্ৰী ৰখাৰ বাবে থানাত নিৰ্ধাৰিত স্থান ইতিমধ্যে ভৰি পৰিছে বুলি ডি এছ পিয়ে জানিবলৈ দিয়ে। সেইবাবেই খালী লক-আপত ৰখা হৈছিল। ঠাইখন চাফা কৰি থাকোঁতে দুই এটা ভঙা বটল উদ্ধাৰ হয়। আৰক্ষীয়ে সেই সন্দেহ প্ৰকাশ কৰে। তদন্তৰ জৰিয়তে জানিব পৰা গৈছে যে এ এছ আইৰ নেতৃত্বত সুৰা চুৰিৰ পৰিকল্পনা কৰা হৈছিল। পাঁচজনে কৰ্তব্যৰত অৱস্থাত বটলবোৰ চুৰি কৰিছিল। কিছু সময়ৰ বাবে থানাৰ চিচিটিভিও বন্ধ হৈ আছিল। আৰক্ষীয়ে জনোৱা মতে, থানাৰ বাহিৰৰ এজন ব্যক্তিও এই ঘটনাৰ লগত জড়িত। কিন্তু তেওঁ পলাতক হৈ আছে। তেওঁৰ সন্ধান চলি আছে।