আৰক্ষীৰ জৰিমণাৰ পিছতেই দুৰ্ঘটনাত পতিত হৈ ৩ বাইক আৰোহীৰ মৃত্যু

55

উদণ্ড চালকে সংঘটিত কৰা পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে প্ৰশাসন সদায় তৎপৰ হৈ থকা দেখা যায়। বিশেষকৈ হেলমেট পৰিধান নকৰা বাইক আৰোহী বা দুজনতকৈ অধিক লোক উঠি অহা বাইকৰ আৰোহীক সাৱধান কৰি দিয়াৰ স্বাৰ্থত আৰক্ষী-প্ৰশাসনে জৰিমণা বিহে। কিন্তু আৰক্ষী-প্ৰশাসনৰ এনে কঠোৰ অনুশাসনকো নেওচি প্ৰায়ে এচামে উদণ্ডভাৱে বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰে আৰু কেতিয়াবা মৃত্যুবৰণো কৰিবলগা হয়।

শেহতীয়াকৈ ৰাজস্থানৰ বাৰমেৰত এখন বাইকত উঠি অহা তিনি জন আৰোহীক সতৰ্ক কৰি দি জৰিমণা বিহিছিল আৰক্ষীয়ে। কিন্তু আৰক্ষীৰ জৰিমণাৰ কিছু সময় পিছতে দুৰ্ঘটনাত পতিত হয় বাইক আৰোহী কেইজন আৰু দুৰ্ভাগ্যজনকভাৱে আটাইকেইজন বাইক আৰোহীৰেই মৃত্যু ঘটে।

জানিব পৰা মতে, দুৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটা বাইক আৰোহী কেইজনৰ ঘৰ হৈছে বাৰমেৰৰ বাচদাই গাঁৱত। তিনিওজনকে ক্ৰমে মোতাৰাম মেঘৱাল, হাদমান্দ্ৰম মেঘৱাল জবাৰা ৰাম বুলি চিনাক্ত কৰা হৈছে।