আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি আৰক্ষীৰ গুলীত আহত মষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া

803

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। এইবাৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি আৰক্ষীৰ গুলীত আহত মষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া।

সোমবাৰে নগাঁৱত সংঘটিত হৈছে এই ঘটনা। আহত ড্ৰাগছ মাফিয়াটোৰ নাম হেকমত আলী বুলি জানিব পৰা গৈছে।

বিশেষ তথ্যৰ ভিত্তিত অসম আৰক্ষীয়ে হেকমত আলীৰ বাসগৃহত তালাচী অভিযান চলাই বিপুল পৰিমাণৰ ব্ৰাউন চুগাৰৰ লগতে এখন বাহন আৰু আপত্তিজনক সামগ্ৰী জব্দ কৰিছিল।

প্ৰাথমিক খবৰ অনুসৰি, দীৰ্ঘদিন ধৰি মষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়াই আৰক্ষী-প্ৰশাসনৰ চকুত ধূলি দি চলাই আহিছিল অবৈধ কাৰ্য্যকলাপ।

এই অভিযানৰ সময়ত আৰক্ষীয়ে আটক কৰা ড্ৰাগছ মাফিয়াটোৱে পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়।

পিছত আহত ড্ৰাগছ মাফিয়াটোক চিকিৎসাৰ বাবে জিএমচিএইচত ভৰ্তি কৰোৱা হয়।