ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। এইবাৰ আৰক্ষীৰ গুলীত আহত হল বিশ্বনাথ বালিপুখুৰীৰ দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া শিৱা ভূঞা ওৰফে সুজল ভূঞা।
উল্লেখ্য যে, শুকুৰবাৰে বিশ্বনাথ জিলা অৰক্ষীয়ে অভিযান চলাই নিজৰ বাসগৃহৰ পৰা আটক কৰিছিল ড্ৰাগছ মাফিয়া শিৱা ভূঞাক।
নিষিদ্ধ ড্ৰাগছ ব্যবসায়ৰ সৈতে জড়িত বিশ্বনাথৰ আন আন ড্ৰাগছ মাফিয়াক চিনাক্ত কৰাবলৈ নিশা ধৃত শিৱা ভূঞাক লৈ অভিযান চলায় আৰক্ষীয়ে।
কিন্তু বিশ্বনাথৰ পেটেলিবাৰীৰ সমীপত আৰক্ষীৰ দলটোক বিপথে পৰিচালিত কৰি ড্ৰাগছ মাফিয়াজনে গাড়ীৰ পৰা জঁপিয়াই আন্ধাৰৰ সুযোগ লৈ পলায়নৰ চেষ্টা চলায়।
কিন্তু আৰক্ষীয়ে সেই সময়তে চালনা কৰা গুলী অভিযুক্তক বাঁওভৰিত লাগি আহত হয়। শিৱা ভূঞাক বিশ্বনাথ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি নিশাৰ ভাগতে উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।
