আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰোতেই গুলীবিদ্ধ চুপাৰি মাফিয়া আব্দুল হান্নান

170

কুখ্যাত বাৰ্মিজ চুপাৰি মাফিয়া আব্দুল হান্নান ওৰফে বাবলুৱে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰাৰ সময়ত আৰক্ষীৰ গুলীত আহত হয়। পিছত আহত মাফিয়াজনক প্ৰথমে বঙাইগাঁও জিলা হাস্পতালত ভৰ্তি কৰা হয় যদিও পৰৱৰ্তী সময়ত আব্দুল হান্নানক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ অনা হয়। জানিব পৰা মতে, পলায়নৰ চেষ্টা কৰা সময়ত আৰক্ষীৰ গুলীয়ে মাফিয়াজনৰ বাওঁভৰিত আঘাত কৰে। ইফালে সেই সময়ছোৱাত দুগৰাকী আৰক্ষী বিষয়াও আহত হয়।

জানিব পৰা মতে, মঙলবাৰে নিশা বঙাইগাঁৱৰ ছাপ্ৰাকাটাৰ এটা বাৰ্মিজ চুপাৰী জব্দ কৰা গুদামলৈ লৈ যোৱা হৈছিল মাফিয়া আব্দুল হান্নান ওৰফে বাবলুক। সেই গুদামৰ পৰা উভতি অহাৰ সময়তে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা চলায় মাফিয়াজনে। যাৰ পৰিণতিত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়।