আৰএছএছৰ মুখপত্ৰত অভিনেতাক সমালোচনা, লিখিলে- ‘ড্ৰেগনৰ প্ৰেম আমিৰ খান’

93

ডিজিটেল ডেস্কঃ বলীউড অভিনেতা আমিৰ খানৰ শেহতীয়া তুৰ্কী ভ্ৰমণ আৰু চাইনা মোবাইল কোম্পানী ‘ভিভ’ স্মাৰ্টফোন’ৰ ভাৰতৰ ব্ৰেণ্ড এম্বেছাদৰ হোৱাক লৈ সৰৱ হৈ পৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। সংঘৰ মুখপত্ৰ পাঞ্চজন্যত ‘ড্ৰেগনৰ প্ৰেম আমিৰ খান’ নামৰ এক দীঘলীয়া লেখাত অভিনেতাজনক সমালোচনা কৰাৰ লগতে তেওঁৰ সন্মুখত কেইবাটাও প্ৰশ্নৰ উত্থাপন কৰিছে আৰএছএছে।

পাঞ্চজন্যৰ লেখাটোত কোৱা হৈছে যে, আমিৰ খান অভিনীত ছবি ‘ডংগল’-এ চীনত সৰ্বমুঠ ১,৪০০ কোটি টকাৰ ব্যৱসায় কৰিছিল, কিন্তু ছলমান খান অভিনীত ছবি ‘চুলতান’-এ মাত্ৰ ৪০ কোটিৰহে উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল চীনত। ডাটা সুৰক্ষাৰ ক্ষেত্ৰত অসচেতন চাইনা মোবাইল কোম্পানী ভিভ’ৰ ভাৰতৰ ব্ৰেণ্ড এম্বেছাদৰ আমিৰ খান। তেওঁৰ চীনা ছ’চিয়েল মিডিয়া মঞ্চ ‘চীনা ভিভ’ত ১০ লাখৰো অধিক ফল’ৱাৰ্ছ আছে।

আনহাতে ছবিৰ শ্বুটিঙৰ সময়ত অলপতে আমিৰ খানে ইস্তানবুলত তুৰ্কীৰ ফাৰ্ষ্ট লেডী এমীন এৰ্ড’গনক সাক্ষাৎ কৰাৰ পিছতে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। আমিৰ খানে তেওঁৰ আহিবলগীয়া ছবি ‘লাল সিং চড্ডা’ৰ দৃশ্যগ্ৰহণৰ সময়ত তুৰ্কীত সাক্ষাৎ কৰিছিল ফাৰ্ষ্ট লেডী এমীনক।

আমিৰ খানৰ তুৰ্কী ভ্ৰমণক লৈ আৰএছএছৰ মুখপত্ৰত লিখিছে, ‘যিদৰে আমিৰ খানে তুৰ্কীলৈ গৈ ভাৰতবাসীৰ ভাৱনাক বুঢ়া আঙুলি দেখুৱাইছে, সেয়া তেওঁ বুজি পোৱা উচিত। তেওঁ নিজকে ধৰ্ম নিৰপেক্ষ বুলি কয়, কিন্তু আনফালে তেওঁ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ ভাৰত আগমণৰ সময়ত সাক্ষাৎ কৰিবলৈ অস্বীকাৰ কৰে। যদি আমিৰ খানে নিজকে ধৰ্মনিৰপেক্ষ বুলি ভাৱে তেন্তে জম্মু-কাশ্মীৰ বিষয়ত পাকিস্তানক সমৰ্থন কৰা তুৰ্কীলৈ গৈ তেওঁ কিয় ছবিৰ শ্বুটিং কৰাৰ কথা চিন্তা কৰিছে?’