আহিছে কোৰোনাৰ তৃতীয় ঢৌ: সাজু অসমৰ স্বাস্থ্য বিভাগ

102

কোভিডৰ তৃতীয় ঢৌৰ ভয়াবহতাই উদ্বেগ সৃষ্টি কৰিছে চৰকাৰ তথা সাধাৰণ জনতাৰ মাজত। সমগ্ৰ ভাৰতত চলিত মাহৰ শেষ পৰ্যন্ত কোৰোনাৰ তৃতীয় সংক্ৰমণ বৃদ্ধি পোৱাৰ আংশকা কৰা হৈছে। তাৰ মাজতে কোৰোনাৰ এই তৃতীয় লহৰৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে অসম চৰকাৰো।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেলৰ সন্মুখত এই কথা জানিবলৈ দি কয় যে ৰাজ্যত ইতিমধ্যে শিশুৰ বাবে ব্যাপক পৰিমাণে আই চি ইউ নির্মাণ কৰি থকা হৈছে৷ অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত শিশুৰ বাবে আই চি ইউ নির্মাণ প্রায় সম্পূর্ণ হৈ উঠিছে৷

সম্প্রতি জিলা চিকিৎসালয়সমূহত শিশুৰ আই চি ইউ নির্মাণৰ কাম চলি আছে৷ কালাপাহাৰ ক’ভিড চিকিৎসালয়ত সম্প্রতি কভিডোত্তৰ জটিলতাৰ চিকিৎসাৰ বাবে চিকিৎসালয় হিচাপে নির্মাণ কৰা হৈছে বুলিও জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীয়ে।

তেওঁ লগতে কয় যে, ৰাজ্যৰ জনসাধাৰণক এই সমস্যাৰ পৰা মুক্তি দিয়াৰ লক্ষ্যৰে চৰকাৰে কালাপাহাৰত প্রথমখন চৰকাৰী কভিডোত্তৰ জটিলতাৰ চিকিৎসালয় নির্মাণ কৰিছে৷ কালাপাহাৰ ক’ভিড চিকিৎসালয়ত ১০৬খন বিছনা আছে৷ অহা সপ্তাহত এই চিকিৎসালয়খন মুকলি কৰা হ’ব৷