আল কায়দাৰে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ৮ জনৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল NIAৰ

110

অসমত আল-কায়েদাৰ সম্পৰ্ক থকাৰ অভিযোগত যোৱা কেইমাহমানত গ্ৰেপ্তাৰ কৰা লোকৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই প্ৰথমবাৰৰ বাবে অভিযোগনামা দাখিল কৰিছে।

৮ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে। ৮ জনৰ ভিতৰত ৭ জন বৰপেটা আৰু এজন ত্ৰিপুৰাৰ বাসিন্দা।

চাৰ্জ শ্বীটত নাম উল্লেখ কৰা ব্যক্তিকেইজন হৈছে ছাইফুল ইছলাম, খাইৰুল ইছলাম, বাদশ্বাহ চুলেমান, নৌছাদ আলী, মামুনুৰ ৰছিদ, ইমৰান হাছান, মুকবুল হুছেইন আৰু মুফতি চুলেমান।

ভাৰতীয় উপমহাদেশৰ নিষিদ্ধ সংগঠন আল কায়দা (একিউআইএছ) আৰু আনছাৰুল্লাহ বাংলা দল (এবিটি)ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ৰাজ্যৰ বহু প্ৰান্তৰ পৰা কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে।