ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰোধিতাৰে দিল্লীত গণতান্ত্ৰিক প্ৰতিবাদ অব্যাহত আছে কৃষকৰ। ইফালে আলোচনাৰ বাবে কৃষকৰ সকলৰ সন্মুখত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰখা চৰ্তক লৈও এতিয়া জাঙুৰ খাই উঠিছে কৃষকসকলে।
উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এটা ভিডিঅ’ৰ জৰিয়তে আন্দোলন কাৰী কৃষক সকলক ৩ ডিচেম্বৰত আলোচনাৰ কৰাৰ বাবে আহ্বান জনাইছিল। শ্বাহে লগতে কৈছিল যে, ইয়াৰ পূৰ্বে যদি কৃষকে তেওঁৰ সতে কথা পাতিব বিচাৰে তেতিয়া তেওঁলোকে দিল্লী-হাৰিয়ানাৰ সীমাৰ এৰি বুৰাড়ীৰ নিৰংকাৰী মৈদানলৈ যাব লাগিব।
অমিত শ্বাহৰ এই আলোচনা চৰ্তক লৈ ক্ষুব্ধ হৈ পৰিছে প্ৰতিবাদকাৰী কৃষকসকল। দেশৰ মূল চালিকাশক্তি এই কৃষক সকলক কেন্দ্ৰীয় চৰকাৰে কৰা অপমান মানি লোৱা নহয় বুলি মন্তব্য কৰে কৃষকসকলে।
