আলফা স্বাধীনৰ কৱলত থকা বিহাৰী ৰাম কুমাৰৰ কথা মনত নপৰিল লালু পুত্ৰ তেজস্বী যাদৱৰ

100

অসমত বসবাস কৰা বিহাৰীক ভাল পায়নে লালু পুত্ৰই৷ অসমত এতিয়া এই প্ৰশ্ন বাৰে বাৰে উত্থাপন হৈছে৷ আলফাই অপহৰণ কৰি নিয়া ৰাম কুমাৰৰ কথা মনত নপৰিল তেজস্বীৰ৷ এজন বিহাৰীৰ কথাকেই মনত নপৰিল লালু পুত্ৰৰ৷ লালু পুত্ৰ তেজস্বী অসমলৈ আহি যোৱাৰ পিছতো এজন বিহাৰীৰ কথা মনত নপৰিল৷ সমগ্ৰ ভাৰতৰ কথা নকও যিসকল বিহাৰী অসমত আছে সেইসকলৰ প্ৰতি তেজস্বীৰ প্ৰেম কিমান তাকে লৈ প্ৰশ্ন উঠিছে৷ মহাজোঁটৰ হৈ ভোট সংগ্ৰহ কৰিবলৈ অসমলৈ অহা তেজস্বী যাদৱে ৰাম কুমাৰৰ কথা মুখত নোলোৱা বিষয়টোৱে চৰ্চা লাভ কৰিছে৷

যোৱা ২১ ডিচেম্বৰত বৃহৎ অস্ত্ৰধাৰী দলে অইলৰ দুই অভিযন্তাক অপহৰণ কৰিছিল৷ অৰুণাচল প্ৰদেশত সংঘটিত চাঞ্চল্যকৰ অপহৰণ কাণ্ড পোন্ধৰ জনীয়া অস্ত্ৰধাৰী দল সংঘটিত কৰিছিল৷ দলটোৱে দিন-দুপৰতে অইলৰ দুই বিষয়াক অপহৰণ কৰিছিল৷ অৰুণাচল চাংলাং জিলাৰ ডায়ুনৰ ইনাওৰ খুমচাই খা অঞ্চলত কুইপৰ তৈলখাদত খনন কাৰ্যত নিয়োজিত হৈ আছিল বিষয়া পি.কে গগৈ আৰু ৰাম কুমাৰ৷ পি.কে গগৈৰ ঘৰ শিৱসাগৰত আৰু ৰাম কুমাৰৰ ঘৰ বিহাৰত৷

বিহাৰৰ বিষয়াগৰাকীৰ কণমানি সন্তান কেন্সাৰ ৰোগত আক্ৰান্ত৷ ৰাম কুমাৰৰ পৰিয়ালৰ লোকে হাহাকাৰ কৰি আছে৷ চৰকাৰ, আলফা স্বাধীনক ৰাম কুমাৰক মুকলি কৰিবলৈ কাকুতি-মিনতি কৰি আহিছে৷ কিন্তু ৰাম কুমাৰৰ পৰিয়ালৰ এবাৰ খবৰ নললে অসম ভ্ৰমণৰত আৰজেডিৰ নেতাই৷ আৰজেডি নেতা তেজস্বী যাদৱে অসমৰ বিলাসী হোটেলত দুদিন থাকি গ’ল৷ বৰ বৰ মানুহক সাক্ষাৎ কৰিলে কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক সাক্ষাৎ কৰি বিহিত ব্যৱস্থা লবলৈ দাবী নজনালে৷

বিহাৰৰ প্ৰধান বিৰোধী দল লালু প্ৰসাদ যাদৱৰ ৰাষ্ট্ৰীয় জনতা দল ইউনাটেডৰ নেতা অসম ভ্ৰমণ কৰি গ’ল৷ দলটোৰৰ কোনো অস্তিত্ব অসমত নাই যদি নিৰ্বাচনৰ বতৰত অসমলৈ নেতা আহে আৰু যায়৷ অসমৰ চহৰ, জকাইচুকৰ লোকে নাজানে আৰজেডি কি? কিন্তু অসমৰ মানুহে লালু প্ৰসাদ যাদৱক অসমৰ মানুহে জানে।

লালু পুত্ৰ তেজস্বী যাদৱ গুৱাহাটীলৈ আহিল। পঞ্চতাৰকা হোটেলত দুটা নিশা কটালে৷ অসমৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু ইউডিএফৰ নেতাক সাক্ষাৎ কৰিলে। তেজস্বীয়েও ডাঙৰ ডাঙৰ কথা কৈ অসমৰ পৰা গুছি গ’ল৷ কিন্তু তেজস্বীয়ে নকলে ৰাম কুমাৰৰ কথা৷ এটা শব্দও শুনা নগ’ল তেজস্বীৰ মুখত৷

বিহাৰৰে এজন নীৰিহ লোক এই মুহূৰ্তত বিদ্ৰোহী আলফা স্বাধীনৰ কৱলত। নিৰ্বাচনৰ সময়ত তেজস্বী যাদৱে অসমত ৰাজনৈতিক তৎপৰতা ঠিকেই দেখুৱালে। কিন্তু, নিজ ৰাজ্যৰ বিহাৰীক পাহৰি গ’ল৷ সামান্যতম মানৱীয়তা দেখুৱাবলৈ আহৰি নহ’ল তেজস্বীৰ৷ সংবাদমেল সম্বোধন কৰিলে কিন্তু এটা শব্দও নকলে লালুৰ লালে৷ ৩০ মিনিট সময় সম্বোধন কৰিলে সংবাদমেল৷ কিন্তু ৰাম কুমাৰৰ বাবে এটা শব্দ নোলালা মুখৰ পৰা৷ হয়তো তেজস্বী যাদৱে অৱগত নহয় ৰাম কুমাৰ নামৰ যে এগৰাকী বিহাৰী লোক অসমত বন্দী হৈ আছে৷

সৌজন্যঃ sky news assam