আলফা স্বাধীনত যোগদানৰ বাবে যোৱা ২ যুৱকক আটক

66

অসমীয়া যুৱক-যুৱতীৰ মাজত বৃদ্ধি পাইছে আলফা স্বাধীনত যোগদানৰ প্ৰৱণতা। উজনি অসমৰ বহু যুৱক-যুৱতী নিতৌ আলফা স্বাধীনত যোগ দিয়াৰ খবৰ প্ৰচাৰ হৈ থকাৰ মাজতে বুধবাৰে আলফাত যোগদানৰ বাবে যোৱা দুজন যুৱকক চৰাইদেউ জিলাৰ সোণাৰীত আটক কৰে অসম ৰাইফলছৰ সেনাই।

আটকাধীন যুৱক দুজনৰ পৰিচয় তিনিচুকীয়াৰ বৰডুমচাৰ বিক্ৰম মৰাণ(৩৩) আৰু গৌৰীসাগৰৰ ৰাজেশ গগৈ(২২) বুলি জানিব পৰা গৈছে৷

উল্লেখ্য, নাগালেণ্ডৰ মন জিলা হৈ সংগঠনটোত যোগদানৰ বাবে অহা যুৱক দুজনে সোণাৰিত বাহৰ পাতি নগৰখনৰ ৰাজস্থান হোটেলত চাহ খাই থাকোঁতে অসম ৰাইফলছৰ জোৱানে যুৱক দুজনক আটক কৰে৷

আটকাধীন যুৱক দুজনক অসম ৰাইফলছে সোণাৰি আৰক্ষীক চমজাই দিয়ে৷ সম্প্ৰতি দুয়োজন যুৱকক সোণাৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷

উল্লেখ্য যে বিগত সময়তো আলফা(স্বা)ত যোগদান কৰিবলৈ চৰাইদেউ জিলাৰ সোণাৰিৰ নামতোলা, নাগালেণ্ডৰ মন জিলা হৈ চেষ্টা চলোৱা বহু যুৱক-যুবতীক সেনা আৰু আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে।