আলফা স্বাধীনত যোগদানৰ চেষ্টা চলোৱা ৩ যুৱকক তিনিচুকীয়াত আটক

143

তিনিচুকীয়া জিলাত নিষিদ্ধ সংগঠন ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ আছম-ইণ্ডিপেণ্ডেণ্ট (আলফা-স্বাধীন)ত যোগদান কৰিবলৈ চেষ্টা কৰা তিনিজন যুৱকক আটক কৰে নিৰাপত্তা বাহিনীয়ে।

খবৰ অনুসৰি, জাগুনত এখন বাছৰ পৰা আছাম ৰাইফলছৰ জোৱানে যুৱক তিনিজনক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, নিষিদ্ধ উগ্ৰপন্থী সংগঠনটোত যোগদান কৰাৰ উদ্দেশ্যে তিনিওজনে শিৱসাগৰৰ পৰা জাগুনলৈ যাত্ৰা কৰিছিল।

ধৃত ব্যক্তি কেইজন স্বদেশী, বিজয় বৌৰী আৰু গুণধৰ ৰাজাৱৰ বুলি জানিব পৰা গৈছে।

পিছত লেকাপানী আৰক্ষী থানাত পৰৱৰ্তী আইনী কাৰ্য্যবিধিৰ বাবে গতাই দিয়ে।