উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰত আম আদমী পাৰ্টীয়ে আয়োজন কৰা ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰা কেইবাজনো লোকৰ মোবাইল ফোন চুৰি হয়।
ইফালে মোবাইল চুৰিৰ সন্দেহত দলীয় কৰ্মীসকলে এজন যুৱকক আটক কৰি আৰক্ষীক চমজাই দিয়ে যদিও ফিৰোজ নামৰ যুৱকজনক পৰা কোনো চুৰি মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম নহল আৰক্ষীয়ে।
আৰক্ষীয়ে সদৰী কৰা মতে আম আদমী পাৰ্টীৰ ত্ৰিৰংগা যাত্ৰাত অংশ লোৱা কমেও ২০ জন সদস্যই মোবাইল চুৰি হোৱাৰ অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
