আমেৰিকাৰ ৰাজপথত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ…

111

ডিজিটেল ডেস্কঃ আমেৰিকাৰ হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহি ভাৰতৰ নতুন তিনিখন কৃষি আইনৰ বিৰোধিতা কৰিছে। এই লোক সকল প্ৰৱাসী ভাৰতীয় শিখ লোক। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই বিক্ষোভকাৰীলকলে নতুন কৃষি আইন বাতিল কৰাৰ দাবী উত্থাপন কৰিছে।

তেওঁলোকে মন্তব্য কৰিছে, এই নতুন কৃষি আইন কেইখনে দেশৰ কৃষকলৈ দুৰ্ভিক্ষ মাতি আনিব আৰু দেশত দুৰ্নীতিগ্ৰস্ত সকলৰ একনায়কত্ববাদ চলিব।“কৃষক নাই মানে খাদ্য নাই” আৰু “কৃষকৰ সুৰক্ষা দিয়ক” এই দুটা কথাক মূল কৰি আন্দোলন কাৰী সকলে যুক্তৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাৱস্ত্য কৰে।

উল্লেখ্য যে, খালচা আৰু জাকাৰা বিক্ষোভৰ নেতৃবিন্দই এই আন্দোলনৰ নেতৃত্ব দিয়ে।“কৃষক সকল এখন দেশৰ আত্মা। আমি আমাৰ কৃষক সকলক সুৰক্ষা দিয়া উচিত”।এই উদ্দেশ্যৰে আমেৰিকা আৰু কানাডাকে ধৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তত ভাৰতৰ নতুন কৃষি আইনক লৈ বিক্ষোভ প্ৰদৰ্শন হোৱা দেখিবলৈ পোৱা গৈছে। সেই ঠাইত সমান্তৰালভাৱে আলোচিত হৈছে ভাৰতৰ কৃষি আৰু ব্যক্তিগত খণ্ডক লৈয়ো। ইয়াৰে বহু সংখ্যকে স্বাধীন কৃষিখণ্ডৰো পোষকতা কৰিছে।