আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছৰ বিজয়ৰ বাবে তামিলনাডুৰ এখন গাঁৱত কিয় চলিছে প্ৰাৰ্থনা…

77

ডিজিটেল ডেস্কঃ আমেৰিকাৰ নিৰ্বাচনৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ভাৰতীয় মূলৰ কমলা হেৰিছৰ জয়ৰ বাবে তামিলনাডুৰ এখন গাঁৱত চলিছে প্ৰাৰ্থনাসভা। গাঁওখনৰ বাট-পথ সকলোতে কমলা হেৰিছক শুভকামনা জনাই আঁৰি দিয়া হৈছে পোষ্টাৰ।

কমলা হেৰিছৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাক লৈ উৎফুল্লিত হৈ পৰিছে তামিলনাডুৰ তিৰুবৰুৰ জিলাৰ তুলাছেন্টিৰাপুৰম গাঁৱৰ সকলো লোক। কিয়নো এই গাঁওখনৰ সৈতে সম্পৰ্ক আছে কমলা হেৰিছৰ। হেৰিছৰ পিতৃ যদিও জমেকাৰ আছিল, কিন্তু মাতৃ আছিল ভাৰতীয়। তেওঁৰ মাতৃৰ পিতৃ অৰ্থাৎ মামা ককাকৰ ঘৰ আছিল তুলাছেন্টিৰাপুৰম গাঁৱত। কমলা হেৰিছৰ মামা ককাক এগৰাকী জনপ্ৰিয় ৰাজনীতিবিদ আছিল।

তামিলনাডুৰ সেই সৰু গাঁওখনৰ সৈতে কমলা হেৰিছৰ থকা সম্পৰ্কৰ বাবেই এতিয়া গাঁওখনত হেৰিছৰ বিজয়লাভৰ বাবে প্ৰাৰ্থনা কৰিছে গাঁওবাসীয়ে। উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত সমুখ সমৰত অৱৰ্তীৰ্ণ হৈছে জ’ বিডেন আৰু ডোনাল্ড ট্ৰাম্প। আনহাতে ৰাষ্ট্ৰখনৰ উপ ৰাষ্ট্ৰপতি পদৰ বাবে ৰিপাব্লিক পাৰ্টীৰ প্ৰাৰ্থী মাইক পেন্সৰ বিৰুদ্ধে ডেম’ক্ৰেটিক পাৰ্টীৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কমলা হেৰিছে।