বিজেপি সাংসদ তথা মল্লযুঁজাৰু ফেডাৰেশ্যনৰ অধ্যক্ষ ব্ৰিজভূষণ চৰণ সিঙৰ বাবে বৰ্তমানো অব্যাহত আছে মল্লযুঁজাৰুৰ প্ৰতিবাদ।
দিল্লীৰ যন্তৰ মন্তৰত বিগত প্ৰায় ডেৰ মাহ ধৰি প্ৰতিবাদ চলাই নিয়া মল্লযুঁজাৰুসকলক বিভিন্ন ধৰণে হেয় প্ৰতিপন্ন কৰাত কোনো ক্ৰুটি ৰখা নাই শাসকীয় পক্ষই।
ইয়াৰ মাজতে মল্লযুঁজাৰু সাক্ষী মালিক আৰু সত্যব্ৰত কাদিয়ানে ভিডিঅ’ বাৰ্তাযোগে কয় যে আমাৰ যুঁজ চৰকাৰৰ বিৰুদ্ধে নহয়, ডব্লিউ এফ আইৰ মুৰব্বী ব্রিজ ভূষণৰ বিৰুদ্ধে৷
মল্লযুঁজাৰুসকলে লগতে কয় যে মল্লযুঁজ সমাজত ঐক্যৰ অভাৱৰ বাবে তেওঁলোকে বহু সময় নিমাত হৈ আছিল। তেওঁলোকে দাবী কৰে যে যন্তৰ মন্তৰত প্ৰথম মল্লযুঁজাৰুৰ প্ৰতিবাদৰ অনুমতি বিজেপিৰ দুই নেতাই লৈছিল।
