আমাক জৰিমনা বিহে চৰকাৰে, চৰকাৰক বিহিব কোনে?

66

ডিজিটেল ডেস্কঃ নাগৰিকে জৰিমনা ভৰে। হেলমেট নিপিন্ধিলে, লাইচেন্স নাথাকিলে, ৰোড পাৰ্মিছন নাথাকিলে, প্ৰদূষণমুক্ত চাৰ্টিফিকেট নাথাকিলে জৰিমনা ভৰে নাগৰিকে। কেৱল নাগৰিকক প্ৰশাসনে ৰাজপথত ভেটা দি জৰিমনা বিহাটো এক পৰম্পৰা। নাগৰিকে ৰাজহ দিয়ে, জৰিমনা ভৰে। কিন্তু নাগৰিকৰ বাবে সু ব্যৱস্থা কৰা হয়নে? যদি আপুনি চাবলৈ যায়, ভাৰতবৰ্ষৰ নাগৰিকে সুচল বাট-পথত খোজ কঢ়াৰ সুবিধা নাপায়। পথত গাত, বোকা-পানী ভৰি থাকে। জৰিমনা বিহি লোকসকলক শাস্তি দিয়া হয় যদিও বাট-পথ নিৰ্মাণ তথা মেৰামতি কৰিব নোৱাৰা ৰজাঘৰক জৰিমনা বিহিব কোনে? এই কথাই প্ৰতিপন্ন কৰি এজন যুৱকে ফটোৰ মাধ্যমৰে বুজাবলৈ চেষ্টা কৰিছে।

‘Inspiring Young India’ নামৰ ফেচবুক পেজটোৰ পৰা ব্যতিক্ৰমী প্ৰতিবাদৰ আলোকচিত্ৰই ব্যাপক চৰ্চা আৰু সঁহাৰি লাভ কৰিছে।