আফগানিস্তান সন্দৰ্ভত ১০ নৱেম্বৰত এনএছএ পৰ্য্যায়ৰ বৈঠক, নিমন্ত্ৰণ প্ৰত্যাখ্যান পাকিস্তানৰ

70

ভাৰতে আফগানিস্তানৰ পৰিস্থিতি উন্নত কৰিবলৈ ১০ নৱেম্বৰত নতুন দিল্লীত এনএছএ পৰ্যায়ৰ বৈঠক আয়োজন কৰিব। বৈঠকখন এনএছএ অজিত ডোভালৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব। উচ্চ পৰ্যায়ৰ বৈঠকখনত আফগানিস্তানৰ পৰিস্থিতি, ইজনে সিজনৰ সৈতে আলোচনা আৰু সমন্বয় ৰক্ষাৰ ইচ্ছাৰ বিষয়ে আঞ্চলিক দেশসমূহৰ ব্যাপক আৰু বৰ্ধিত উদ্বেগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

উল্লেখ্য যে, এই প্ৰক্ৰিয়াটোত ভাৰতৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াৰ আগতে দুখন বৈঠক ২০১৮ চনৰ ছেপ্টেম্বৰ আৰু ২০১৯ চনৰ ডিচেম্বৰত ইৰাণত অনুষ্ঠিত হৈছিল। তৃতীয় বৈঠকখন ভাৰতত অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু কোৰোনাৰ কাৰণে আগতে অনুষ্ঠিত কৰিব পৰা নগ’ল।

ইফালে, ভাৰতে চীন, ৰাছিয়া, ইৰাণ আৰু অন্যান্য দেশৰ সৈতে পাকিস্তানকো বৈঠকত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছিল। কিন্তু পাকিস্তানে ভাৰতৰ আমন্ত্ৰণ প্ৰত্যাখ্যান কৰিছে। পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মোইদ ইউচুফে কয় যে তেওঁ ১০ নৱেম্বৰত আফগানিস্তান সন্দৰ্ভত ভাৰতৰ দ্বাৰা আহ্বান কৰা এখন বৈঠকত উপস্থিত নাথাকিব। ইয়াৰ পূৰ্বে, পাকিস্তানৰ বৈদেশিক মন্ত্ৰীৰ কাৰ্যালয়ে ভাৰতৰ আমন্ত্ৰণ গ্ৰহণ কৰিছিল।