আফগানিস্তানৰ পৰিস্থিতি অনুধাৱন কৰি কোনো ভাৰতীয়ই ‘কা’ৰ বিৰোধিতা কৰা উচিত নহয়: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

100

গুৱাহাটীঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে নাগৰিকত্ব সংশোধনী আইনৰ কোনেও বিৰোধিতা কৰিব নালাগে। তালিবানে আফগানিস্তান দখল কৰাৰ পিছত ৰাষ্ট্ৰখনত থকা সংখ্যালঘুসকলৰ অৱস্থা বিবেচনা কৰি “কা”ৰ সমৰ্থন কৰিবলৈ ভাৰতীয়সকলক আহ্বান জনায় হিমন্ত বিশ্ব শৰ্মাই।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বক্তব্য ৰাখি মুখ্যমন্ত্ৰী শৰ্মাই কয়, “আফগানিস্তানত কি ঘটিছে সেয়া চোৱাৰ পিছত ভাৰতৰ কোনো নাগৰিকে ‘কা’ৰ বিৰোধিতা কৰা উচিত নহয়। মই নিশ্চিত যে ‘কা’ গৃহত কৰাৰ বাবে এতিয়া প্ৰশংসাহে কৰা হৈছে।” তেওঁ লগতে কয় যে যিকোনো দেশত সমস্যাৰ সন্মুখীন হোৱা প্ৰতিজন হিন্দুৰ সদায় তেওঁৰ মাতৃভূমি ঘূৰি আহিবলৈ অধিকাৰ থাকে।

বদৰুদ্দিন আজমলক উপহাস কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অবৈধ প্ৰব্ৰজনকাৰীসকলে অসম সংস্কৃতি আৰু পৰিচয়ৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আহিছে। তেওঁ কয়,”বদৰুদ্দিন আজমলৰ অধীনত ইউডিএফ অসমত গঠন হোৱাৰ পিছৰে পৰা, ৰাজনীতি খণ্ডিত হৈ পৰিছে। অনুপ্ৰৱেশকাৰী মুছলমানসকলে তেওঁলোকৰ পৰিচয় জাহিৰ কৰিবলৈ চেষ্টা কৰিছে। খিলঞ্জীয়া মুছলমান, হিন্দু আৰু খ্ৰীষ্টানসকলে সমানে কৈছে যে তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতিক প্ৰতিহত কৰাৰ অধিকাৰ আছে।”

“অনুপ্ৰৱেশকাৰীসকলে অসম সংস্কৃতি আৰু পৰিচয়ৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। আগতে, আমি ইমান সোচ্চাৰ নাছিলো। কিন্তু সাম্প্ৰদায়িক ৰাজনীতি প্ৰৱেশ কৰাৰ পিছত, আমি সঁহাৰি দিবলৈ আৰম্ভ কৰিছোঁ।” মুখ্যমন্ত্ৰীয়ে লগতে কয়।