আফগানিস্তানৰ তালিবান ঘাটীত বিমান আক্ৰমণত ১২ তালিবানী সদস্য নিহত

81

ডিজিটেল ডেস্কঃ আফগানিস্তাৰ উত্তৰ-পূবাঞ্চলীয় কুন্দুজ প্ৰদেশত শনিবাৰে আফগান বায়ু সেনাই চলোৱা আক্ৰমণত ১২ জন তালিবানী সদস্য নিহত হয় বুলি জানিব পৰা গৈছে। আফগান প্ৰতিৰক্ষা মন্ত্ৰণালয়ে সদৰী কৰা অনুসৰি শনিবাৰে কুন্দুজ প্ৰদেশৰ তালিবান ঘাটীত আমেৰিকাৰ পৰা অনা যুদ্ধ বিমানেৰে আক্ৰমণ চলোৱা হয়। এই আক্ৰমণত ১২ তালিবান সদস্য নিহত হোৱাৰ উপৰিও কমেও আন ১২ জন সদস্য আহত হয়।

ইফালে আফগান চৰকাৰৰ আন এক সূত্ৰই দাবী কৰা মতে, বায়ু সেনাই দুটা তালিবান ঘাটীত চলোৱা আক্ৰমণত কমেও ৪০ জন তালিবানী সদস্য নিহত হৈছে। অৱশ্যে এই আক্ৰমণত কোনো সাধাৰণ নাগৰিক হতাহত হোৱা নাই বুলিও স্পষ্ট কৰি দিছে কুন্দুজ প্ৰাদেশিক চৰকাৰে। আনহাতে তালিবান আৰু চৰকাৰৰ মাজত শান্তি চুক্তিক লৈ আলোচনা চলি থকাৰ সময়তে এই আক্ৰমণ সংঘটিত হোৱাক লৈ ৰাষ্ট্ৰখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।