আফগানিস্তানত মৃত্যুৰ কিৰিলি: সাংবাদিক, আমেৰিকাৰ হৈ কাম কৰা লোকক বিচাৰি বিচাৰি হত্যা অভিযান তালিবানৰ

291

আফগানিস্তান দখল কৰাৰ পিছতে তালিবানে কাৰো ওপৰত প্ৰতিশোধ নলোৱাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিশ্বৰ দৃষ্টিত সেই প্ৰতিশ্ৰুতি কেৱল এক মিথ্যাচাৰ বুলিহে এতিয়া প্ৰমাণ কৰিছে তালিবানে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, তালিবান উগ্ৰপন্থীসকলে আফগানিস্তানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হৈ কাম কৰা লোকক বিচাৰি ঘৰে ঘৰে অনুসন্ধান চলাইছে। তালিবানে আনকি তেওঁলোকৰ পৰিয়ালৰ সদস্যকো হত্যা কৰি একপ্ৰকাৰ বিভীষিকাৰ সৃষ্টি কৰিছে আফগানিস্তানত।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া ৰেয়ন ৰজাৰ্ছে জনোৱা মতে তেওঁৰ সৈতে ২০১০ চনত অনুবাদক হিচাপে কাম কৰা এজন আফগান নাগৰিকক কাবুল বিমান বন্দী কৰি ৰাখিছে। আনহাতে এজন আফগান কমাণ্ডাৰক ইতিমধ্যে গুলিয়াই হত্যাও কৰিছে তালিবানে।

ইফালে, তালিবানে আফগানিস্তানত বিদেশী মিডিয়া হাউচৰ বাবে কাম কৰা সাংবাদিকসকলকো লক্ষ্য কৰি লৈছে। বাতৰি অনুসৰি, তালিবানে এজন জাৰ্মান নিউজ চেনেলৰ সাংবাদিক বিচাৰি আছে। তেওঁক বিচাৰি তালিবানে আনকি তেওঁৰ ঘৰতো তালাচী চলাইছে। সাংবাদিকজনক বিচাৰি নোপোৱাত পৰিয়ালৰ এজন সদস্যকো হত্যা কৰে তালিবানে। ইয়াৰ পূৰ্বে, ভাৰতৰ পুলিৎজাৰ বঁটা বিজয়ী ডানিছ চিদ্দিকীকো তালিবানে হত্যা কৰিছিল। তদুপৰি, ২ আগষ্টত আম্দাদুল্লাহ হামদাৰ্ডকো হত্যা কৰা হৈছিল তালিবানৰ দ্বাৰা।

আফগানিস্তানত দুটা দশকৰ যুদ্ধত প্ৰায় ২.৪১ নিযুত লোকে প্ৰাণ হেৰুৱাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰাউন বিশ্ববিদ্যালয়ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি আফগানিস্তান আৰু পাকিস্তানৰ পাহাৰীয়া অঞ্চলত ২,৬৭০ কিলোমিটাৰ সীমা আছে। য’ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে সৰ্বাধিক সংখ্যক ড্ৰোন আক্ৰমণৰ সৈতে মুখামুখি যুঁজ দিছে। যুঁজখনত আফগানিস্তান আৰু পাকিস্তান সীমান্তৰ মাজত ৭১,৩৪৪ জন স্থানীয় লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত আফগানিস্তানত ৪৭,২৪৫ জন স্থানীয় লোকৰ মৃত্যু হোৱাৰ বিপৰীতে পাকিস্তানত ২৪,০৯৯ জন লোকৰ মৃত্যু হৈছে।