আফগানিস্তানত ভয়ংকৰ ভূমিকম্প।
ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.১।
বুধবাৰে পুৱা অনুভূত হয় জোকাৰণি।
ভূমিকম্পৰ ফলত ধ্বংসাৱশেষত পৰিণত হৈছে কেইবাখনো চহৰ।
নিহত হৈছে এহাজাৰৰো অধিক লোক।
ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ আছে আন বহু লোক।
আহত সকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে।
উল্লেখ্য যে, মঙলবাৰে বিয়লি পাকিস্তানত অনুভূত হৈছিল ভূমিকম্পৰ জোকাৰণি।
অৱশ্যে পাকিস্তানত হতাহত হোৱা নাছিল কোনো লোক।
