আপোনাৰ ওজন কমাওক নহলে হেৰুৱাব আপোনাৰ চাকৰি।কিয়নো মঙলবাৰ অৰ্থাৎ আজি অসম আৰক্ষীৰ দ্বিতীয় পৰ্যায়ৰ BMI পৰীক্ষা আৰম্ভ হৈছে । গুৱাহাটীৰ কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ চতুৰ্থ বেটেলিয়নৰ ছাউনীত আজিৰে পৰা ৬ জানুৱাৰীলৈ অসম আৰক্ষীৰ দ্বিতীয় পৰ্যায়ৰ BMI টেষ্ট অব্যাহত আছে ৷ ইয়াৰ সমান্তৰালকৈ আজিৰে পৰা শিলচৰ আৰু যোৰহাটত আৰক্ষীৰ BMI টেষ্ট আৰম্ভ হৈছে ।অসমৰ ১,৮৮৪ গৰাকী আৰক্ষী জোৱানে অৱতীৰ্ণ হ’ব লাগিব এই BMI টেষ্টত । গুৱাহাটীত ১,১০০ আৰক্ষী অৱতীৰ্ণ হ’ব এই BMI টেষ্টত । শাৰিৰীক গঠনৰ ক্ষেত্ৰত ৩০% ফিট নাথাকিলে অনুত্তীৰ্ণ হ’ব এই BMI টেষ্টত।
