সকলোৱে উজ্বল আৰু ধুনীয়া ছাল বিচাৰে নহয়নে? ইয়াৰ বাবে আপুনি হয়তো বহুটো বিউটি প্ৰডাক্টছ ব্যৱহাৰ কৰে।আপোনাক জনাওঁ যে আপুনি ঘৰুৱা উপায় অৱলম্বন কৰিও আপোনাৰ ছালখন ধুনীয়া কৰি ৰাখিব পাৰে।যদি আপুনি আপোনাৰ উজ্বল আৰু ধুনীয়া ছাল বিচাৰে তেন্তে পুৱা স্বাস্থ্যকৰ পানীয় খোৱা অত্যন্ত আৱশ্যক।

এতিয়া হয়তো আপোনাৰ মনত এটাই প্ৰশ্ন হৈছে যে পুৱা সাৰ পোৱাৰ পাছত কি খোৱা স্বাস্থ্যৰ বাবে ভাল বা কোনটো পানীয়ই আপোনাৰ ছালখনক ভিতৰৰ পৰা পুষ্টি দিব পাৰে আৰু আপোনাৰ ছালখন প্ৰাকৃতিকভাৱে উজ্জ্বল কৰি তুলিব পাৰে?হয় কব বিচাৰিছোঁ গ্ৰীণ টিৰ কথা।উল্লেখযোগ্য যে আপোনাৰ দৰে বহুতেই গ্ৰীণ টি খাবলৈ ভাল পায় আৰু কিছুমানে খাবলৈ ভাল নাপায়।কিছুমানে আকৌ মৌৰ লগত মিহলি কৰি কুহুমীয়া পানী খায়, আনহাতে কিছুমানে পুৱাই হালধি পানী খায়।

যদি আপুনি আপোনাৰ ছালখন সতেজ আৰু উজ্জ্বল কৰি ৰখাটো বিচাৰিছে তেন্তে গ্ৰীণ টি আপোনাৰ বাবে অত্যন্ত উপকাৰী।ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট, পলিফিনল আৰু কেটেচিন থাকে, যিয়ে আপোনাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি উলিওয়াত সহায় কৰে।

ই আপোনাৰ ছালখনত ভিতৰৰ পৰা পৰিষ্কাৰ কৰি ৰখাৰ লগতে শালমইনা, বয়স বৃদ্ধিৰ প্ৰভাৱত বাধা দিয়াতো সহায় কৰে। গতিকে পুৱা খালী পেটত গ্ৰীট টি খোৱাৰ আপুনি অভ্যাস কৰিব পাৰে।