আপুনি জানেনে CDS জেনেৰেল বিপিন ৰাৱাটৰ মৃ*ত্যু কেনেকৈ হৈছিল

42

কেনেকৈ মৃত্যু হৈছিল দেশৰ প্ৰথমগৰাকী CDS জেনেৰেল বিপিন ৰাৱট আৰু পত্নী মধুলিকা ৰাৱটৰ? সংসদত দাখিল কৰা এক প্ৰতিবেদনে সৃষ্টি কৰিছে চাঞ্চল্যৰ৷ প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি, যান্ত্ৰিক বিজুতি বা সংঘাতৰ বাবে নহয়, পাইলটৰ ভুলৰ বাবেই মৃত্যু হৈছিল দেশৰ প্ৰথমগৰাকী CDS জেনেৰেল বিপিন ৰাৱট আৰু পত্নী মধুলিকা ৰাৱটৰ৷ উল্লেখ্য যে, ২০২১ চনৰ ৮ ডিচেম্বৰত Mi-17 V5 হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈ বিপিন ৰাৱটসহ ১২ গৰাকী লোকৰ মৃত্যু হৈছিল৷ আৰু মৃৃত্যু সন্দৰ্ভত শেহতীয়াকৈ বায়ুসেনাই গঠন কৰা তদন্ত সমিতিয়ে এই তথ্য সংসদত দাঙি ধৰে৷