আন এক নিৰ্ভয়া কাণ্ড! মুম্বাইত ধৰ্ষণৰ বলি হোৱা যুৱতীৰ হাস্পতালত মৃত্যু

98

মুম্বাইৰ চাকিনাকা অঞ্চলত ধৰ্ষণৰ বলি হোৱা ভুক্তভোগীগৰাকীৰ শনিবাৰে চিকিৎসাৰ সময়ত মৃত্যু হয়। ৩০ বছৰীয়া নিৰ্যাতিতা যুৱতীগৰাকী ৰাজাৱাড়ী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

উল্লেখ্য যে, মুম্বাইৰ খৈৰানী ৰোডত পাষণ্ডৰ নিৰ্যাতনৰ বলি হৈছিল যুৱতীগৰাকী। মোহিত চৌহান (৪৫) নামৰ পাষণ্ড জনে প্ৰথমে যুৱতীগৰাকীক ধৰ্ষণ কৰে আৰু পিছত মুমূৰ্ষ অৱস্থাত পেলাই থৈ যায়। পিছত স্থানীয় লোকে যুৱতীগৰাকীক প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে আৰু হাস্পতালত ভৰ্তি কৰায়।

ইফালে ঘটনাৰ অভিযুক্ত মোহিত চৌহানক ঘটনাস্থলীৰ চিচিটিভি ফুটেজৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।