আন্তঃৰাষ্ট্ৰীয় বজাৰত এতিয়া মাত্ৰ এটা কঁঠাল গুটিৰ দাম ১৫ টকা

106

ষ্টাফৰিপৰ্টাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত এতিয়া মাত্ৰ এটা কঁঠাল গুটিৰ দাম হৈছেগৈ ১৫ টকা। কঁঠালে প্ৰতিৰোধ কৰে কৰ’নাৰ লগতে বহু জটিল ৰোগ। বিভিন্ন গৱেষণাত প্ৰকাশ পাইছে কঁঠালত খকা গুণাগুণে বৃদ্ধি কৰিব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা।কঁঠালত প্ৰচূৰ পৰিমাণে আছে ভিটামিন চি আৰু এণ্টি অক্সিডেণ্ট। কঁঠাল আৰু কঁঠালগুটিৰ আছে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা। কঁঠালে দেহত উত্‍পন্ন হোৱা বিভিন্ন ক্ষতিকাৰক পদাৰ্থক নিঃশেষ কৰিব পাৰে।প্ৰচূৰ পৰিমাণে প্ৰটিনো আছে কঁঠালৰ গুটিৰ। উল্লেখযোগ্য গৱেষণাত কঁঠালৰ ইমান খিনি গুণাগুণ প্ৰমাণিত হোৱাৰ পিছতে এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত বাঢ়িছে কঁঠালৰ চাহিদা।