অসম চৰকাৰে সাহায্য লাভৰ বাবে আন্তঃজাতি বিবাহিত দম্পতীৰ পৰা আৱেদন আহ্বান কৰিছে। ২০১৯ৰ এপ্ৰিলৰ পৰা ২০২১ৰ মাৰ্চৰ ভিতৰত বিবাহ পাশত আৱদ্ধ হোৱা আন্তঃজাতি দম্পতীয়ে আঁচনিখনৰ জৰিয়তে চৰকাৰী সাহায্য লাভ কৰিব পাৰে।
ৰাজ্য চৰকাৰে আন্তঃজাতি বিবাহ আঁচনি ২০২১-২২ৰ অধীনত উদগনি প্ৰদান কৰিব।
অসম চৰকাৰে এক বিবৃতিত কয়, “আন্তঃজাতি বিবাহ আঁচনি ২০২১-২২ৰ অধীনত আৰ্থিক উদগনি লাভ কৰাৰ বাবে আন্তঃজাতি বিবাহিত দম্পতীৰ পৰা আৱেদন বিচৰা হৈছে।”
আৱেদন দাখিলকৰাৰ অন্তিম তাৰিখ ৩ ডিচেম্বৰ, ২০২১-ৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।
সাহায্য লাভ কৰাৰ যোগ্যতা:
◆এপ্ৰিল ২০১৯ ৰ পৰা মাৰ্চ ২০২১ ৰ ভিতৰত আন্তঃজাতি বিবাহ সম্পন্ন হব লাগিব।
◆ পতি/পত্নীৰ যিকোনো এজন উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা সম্প্ৰদায়ৰ আৰু আনজন সাধাৰণ জাতিৰ হ’ব লাগিব।
◆ দম্পতীহালৰ বাৰ্ষিক উপাৰ্জন ৫ লাখ টকাৰ অধিক হ’ব নালাগে।
