আদালতৰ অনুমতি- পৰীক্ষাত বহিব পাৰিব কাৰাবন্দী বৰ্ষাশ্ৰীয়ে

296

বিগত দুমাহ ধৰি কাৰাবন্দী হৈ থকা বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক পৰীক্ষাত বহিবলৈ অনুমতি আদালতৰ।

এক আবেদন স্বীকাৰ কৰি বৃহস্পতিবাৰে গোলাঘাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতে প্ৰদান কৰে অনুমতি।

আদালতৰ নিৰ্দেশ অনুসৰি কটকটীয়া নিৰাপত্তাৰ মাজত নিজ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিব পাৰিব বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে।

উল্লেখ্য যে, সামাজিক মাধ্যমত আলফা স্বাধীনৰ সমৰ্থনত পোষ্ট কৰাৰ অপৰাধত ১৮ মে’ত গ্ৰেপ্তাৰ কৰা হৈছিল বৰ্ষাশ্ৰীক।

অহা ১৬ জুলাইৰ পৰা অনুষ্ঠিত হ’ব বৰ্ষাশ্ৰীৰ স্নাতক দ্বিতীয় ষাণ্মাসিকৰ পৰীক্ষা।

ডিচিবি কলেজৰ ছাত্ৰীগৰাকীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি বিচাৰি আদালতত দাখিল কৰিছিল হাতেলিখা আবেদন।

সেই আবেদন গ্ৰহণ কৰি আজি ছাত্ৰীগৰাকীক পৰীক্ষাত বহাৰ অনুমতি প্ৰদান কৰে জিলা সত্ৰ ন্যায়াধীশৰ আদালতে।