ৰাজস্থানত বুধবাৰে (১২ জুলাই) বাছত আৰক্ষীৰ জিম্মাত থকা অৱস্থাত অস্ত্ৰধাৰী লোকে গুলীয়াই হত্যা কৰে গেংষ্টাৰ কুলদীপ জাঘিনাক। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত বিজেপি নেতা কৃপাল জাঘিনাক হত্যা কৰাৰ অভিযোগত অভিযুক্ত গেংষ্টাৰটোক জয়পুৰ কাৰাগাৰৰ পৰা শুনানিৰ বাবে ভাৰতপুৰ আদালতলৈ নিয়াৰ সময়তে হত্যা কৰা হয়। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি একাধিক গুলীৰ আঘাতত মৃত্যু হোৱা গেংষ্টাৰজনক আক্ৰমণ কৰি পলায়ন কৰিবলৈ সক্ষম হয় দুৰ্বৃত্ত।
আমোলি টোল প্লাজাৰ সমীপত সংঘটিত হয় এই ঘটনা। প্ৰায় এক ডজন লোকে ৰাজস্থান ৰোডৱেজৰ এখন বাছৰ ভিতৰত সোমাই গুলীচালনা কৰে।
বাতৰি অনুসৰি গুলীচালনাৰ কাণ্ডত দুই এজন আৰক্ষীও আহত হৈছে। আহত আটাইকেইজনক ভৰতপুৰৰ আৰ বি এম হাস্পতাললৈ লৈ যোৱা হৈছে।
জানিব পৰা মতে, কুলদীপ জাঘিনা আৰু অন্যান্য অভিযুক্তই যাত্ৰা কৰা ৰাজ্যিক পৰিবহণ বাছখনক অস্ত্ৰধাৰী আক্ৰমণকাৰীয়ে অনুসৰণ কৰিছিল আৰু বাছখন ৰখাই দিয়াৰ পিছত আৰক্ষীৰ ওপৰত জলকীয়াৰ গুড়ি নিক্ষেপ কৰি জাঘিনাৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰে যাতে তেওঁৰ ঠাইতে মৃত্যু হয়।
গুলীচালনাত আহত হোৱা আন এজন হত্যাৰ অভিযুক্ত বিজয়পাল সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আৰক্ষীয়ে জনোৱা মতে, ভৰতপুৰৰ হালেনা থানাৰ অন্তৰ্গত আমোলি টোল প্লাজাৰ সমীপত এখন গাড়ী আৰু দুখন মটৰ চাইকেলেৰে অহা প্ৰায় ১২ জন লোকে বাছখন ৰখাই দিয়ে।
চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে কুলদীপ জাঘিনাক মৃত ঘোষণা কৰা হয়।
সমগ্ৰ চহৰখনতে চাঞ্চল্যৰ সৃষ্টি কৰা হত্যাকাণ্ডৰ পিছতে চিকিৎসালয়খনক দুৰ্গলৈ ৰূপান্তৰিত কৰা হয় আৰু ১০০ৰো অধিক পুলিচ নিয়োগ কৰা হয়।
২০২২ চনৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত জাঘিনা আৰু বিজয়পালক জয়পুৰৰ পৰা ভৰতপুৰলৈ লৈ গৈছিল দুটা ছেমি অটোমেটিক ৰাইফল (এছ এল আৰ)ৰে সজ্জিত হেড কনিষ্টবলৰ নেতৃত্বত সাতজনীয়া আৰক্ষীৰ এটা দলে।
আৰক্ষী অধীক্ষক ভৰতপুৰ মৃদুল কাচচাৱাই কয় যে হত্যাৰ অভিযুক্ত দুজনক ততাতৈয়াকৈ ভৰতপুৰৰ আৰ বি এম চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় য’ত জাঘিনাক চিকিৎসকে মৃত বুলি ঘোষণা কৰে, আনহাতে বিজয়পালৰ অৱস্থা সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।
ইফালে, আৰক্ষীয়ে চিচিটিভি ফুটেজৰ সহায়ত দোষীক চিনাক্ত কৰি এখন বাহন উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে।
দৌছাকে ধৰি নিকটৱৰ্তী জিলাসমূহৰ আৰক্ষীক সতৰ্ক কৰি দিয়া হৈছে আৰু ঘাইপথত তীব্ৰ পৰীক্ষা অব্যাহত আছে।
ঘটনা সন্দৰ্ভত বিতংভাৱে প্ৰকাশ কৰি অতিৰিক্ত আৰক্ষী আয়ুক্ত (প্ৰশাসন)-জয়পুৰ ৰাহুল প্ৰকাশে কয় যে জাঘিনাৰ ওপৰত কেইবাটাও গুলী চলোৱা হৈছিল, আনহাতে আৰক্ষীয়ে বিজয়পালক প্ৰত্যক্ষ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। বাছ যাত্ৰীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীৰ দলটোৱে গুলীচালনা কৰা নাছিল বুলিও তেওঁ কয়।
বিষয়াগৰাকীয়ে কয় যে কোনো আৰক্ষীক গাফিলতিৰ দোষী সাব্যস্ত হ’লে তদন্ত কৰা হ’ব আৰু ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
যোৱা বছৰৰ ৪ ছেপ্টেম্বৰত ভৰতপুৰত ভূমি বিবাদক লৈ গুলীয়াই হত্যা কৰা কৃপাল জাঘিনাৰ হত্যাকাণ্ডত জাঘিনা আৰু বিজয়পাল জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।
যোৱা বছৰৰ ৪ ছেপ্টেম্বৰত গেংষ্টাৰ কুলদীপ জাঘিনাই আন চাৰিজন লোকৰ সৈতে বিজেপি নেতা কৃপাল জাঘিনাক গুলীয়াই হত্যা কৰিছিল। তাৰ পিছত তেওঁ আৰু তেওঁৰ সহযোগীসকলক গোৱালৈ যোৱাৰ সময়ত মহাৰাষ্ট্ৰৰ কলহাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।
